Thursday, March 28, 2013

সচাঁ কাহিনী


সচাঁ কাহিনী

         এজন ল'ৰা, দুচকুত অজস্ৰ সপোন৷ নিয়মীয়াকে বাতৰিকাকত পঢ়ে, দুৰদৰ্শনৰ বাতৰি চায়৷ পঢ়াত মজলীয়া৷ খবৰকাকত যোগে লাহে লাহে গম পালে অসমৰ জলন্ত সমস্যাটো হ'ল নিবনুৱা সমস্যা৷ শিক্ষিত নিবনুৱাৰ সংখ্যা হেনো কুৰি লাখৰ ওপৰত (নিয়োগ বিনিময় কেন্দত পঞ্জীয়ন

নকৰাখিনি হিচাপত নাই)৷ তাৰ সপোন আছিল এনেকুৱা কিবা এটা কৰাৰ যত নিজৰ লগতে আন দহজন নিবনুৱাক সংস্থাপিত কৰিব পাৰি৷ লাহে লাহে তাৰ সপোন ভাগিল৷ উচ্চতৰ মাধামিক পাছ কৰি স্নাতক শ্ৰেনীত নাম লগালে৷ ভাৱি চিন্তি উলিয়ালে যে বৰ্তমান কম্পিউটাৰৰ যুগ, সেয়ে

মহাবিদ্যালয়ৰ পঢ়াৰ লগতে কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰিলে অন্ততঃ নাখাই মৰিব নালাগিব৷ ভৱামতে মহাবিদ্যালয়ত থকা কম্পিউটাৰ শিক্ষাৰ কেন্দ্ৰত ছফ্টৱেৰ এপ্লিকেছনৰ স্নাতকোত্তৰ ডিপ্লমা আৰু ব্যক্তিগত এখন প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ হাৰ্ডৱেৰ মেৰামতিৰ 6 মহীয়া প্ৰশিক্ষন সমাপ্ত কৰিলে৷

মহাবিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু কম্পিউটাৰ শিক্ষাও সমাপ্ত হ'ল৷



         এইবাৰ গাৱৰ ঘৰত গৈ অলপ টকাৰে পুৰণা কম্পিউটাৰ আৰু যাৱতীয় সামগ্ৰী কিনি সৰুকৈ এখন ডিটিপি আৰু ফটো ষ্টুডিঅ খুলিলে৷আজিকালি চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি দিয়ে আৰু ৰাইজক নিজৰ ফটো লগাই আবেদন পত্ৰ জমা কৰিব দিয়ে৷ সেয়ে ল'ৰাজনৰ ব্যৱসায়

ভালে চলি আছিল৷ তাতে আকৌ অসমত নতুনকৈ মোবাইল কম্পেনিসমুহ আহিল, মবাইলৰ চিম কাৰ্ড পাবলৈ হ'লে ফটোৰ দৰকাৰ৷ ব্যৱসায় বাঢ়ি আহিল৷ আইনৰ প্ৰতি অগাধ শ্ৰদ্ধা থকা ল'ৰাজনে সৎভাবে উপাৰ্জন কৰিব পাৰি বহুত সুখী হ'ল৷ ভতিজাজনকো কম্পিউটাৰৰ কাম শিকালে,

ভতিজাইও পাৰেমানে সহায় কৰিব ধৰিলে ব্যৱসায়ত৷ এই সময়ত চৰকাৰে আনন্দৰাম বৰুৱা বটা ঘোষনা কৰিলে৷ মেট্ৰিকত প্ৰথম বিভাগ পোৱা বহুতো ল'ৰা-ছোৱালীয়ে বটা হিচাপে কম্পিউটাৰ পালে৷ কিছুমানে নিজে ব্যৱহাৰৰ বাবে ৰাখিলে আৰু কিছুমানে বিক্ৰী কৰিলে৷ এইবিলাক কম্পিউটাৰত

লিনাক্স অপাৰেটিং আছিল, কিন্তু সকলোৱে মাইক্ৰচফ্টৰ ৱিনড'জ পছন্দ কৰাত এইবিলাক কামৰ বাবে অঞ্চলটোৰ কম্পিউটাৰ জনা একমাত্ৰ ল'ৰাজনকেই সকলোৱে মাতিলে৷ কাম কৰাৰ বিনিময়ত কোনোবাই টকা দিয়ে, কোনোবাই নিদিয়ে৷ ল'ৰাজন সকলোতে সন্তুষ্ট৷ লাহে লাহে আৰু কিছুমান উৎসাহী

ল'ৰাই কম্পিউটাৰ শিকি ডিটিপি কাম ফটো ষ্টুডিঅ খুলিলে, কোনোবাই বিদেশত থকা আত্মীয়ৰ সহায়ত বিদেশী কম্পিউটাৰ কিনিলে৷ কিবা সমস্যা হ'লে সকলোয়ে ল'ৰাজনক বিচৰা হ'ল৷

        ইফালে আন এটা চক্ৰই কম্পিউটাৰ ব্যৱহাৰ কৰি মোবাইল চিমকাৰ্ডৰ চোৰাং ব্যৱসায় আৰম্ভ কৰিলে৷ প্ৰমাণপত্ৰ জাল কৰি বিভিন্ন মানুহৰ নামত চিম কাৰ্ড উলিয়াই সেইবোৰ বেছিদামত বিক্ৰী কৰি সিহতে বহুত টকা উপাৰ্জন কৰিলে৷ ল'ৰাজনৰ আত্মীয় এজন বিদেশত থাকে৷ তেওঁ

ল'ৰাজনৰ কাৰণে বিদেশত কাম এটা চাই ভিছাৰ বন্দোৱস্ত কৰিলে৷ এইবাৰ নিজৰ ভাগ্য বিদেশত চাবলৈ ল'ৰাজনে ভতিজাৰ হাতত ব্যৱসায় চমজাই ভিছা প্ৰচেচিংৰ কাৰনে মোম্বাই পালে৷

        জনপ্ৰিয়তাৰ লগতে লাহে লাহে শত্ৰু যে জন্ম লয় সেয়া ল'ৰাজনে গম পোৱা নাছিল৷ ভালদৰে কম্পিউটাৰ জনাটোয়েও যে  সমস্যাৰ সৃষ্টি কৰিব সেয়া তাৰ সপোনৰো অগোচৰ আছিল৷

       মোম্বাই যোৱাৰ এসপ্তাহৰ পিছত ঘৰত ফোন কৰি গ'ম পালে ঘৰত আৰক্ষী অহাৰ কথা৷ আৰক্ষীয়ে আহি প্ৰথমে ল'ৰাজনক বিচাৰিলে৷ ল'ৰাজনক নাপাই কম্পিউটাৰ কোনে চলাই বুলি সুধিলে, ভতিজাই সি চলোৱাৰ কথা ক'লে৷ ভতিজাক আৰক্ষীয়ে কলে যে তোমাৰ কম্পিউটাৰত অবৈধ

কাম চলি থকাৰ কথা আমি জানিব পাৰিছো সেয়ে আমি কম্পিউটাৰত কি আছে চাম৷ ঘৰৰ দৰজা, খিড়িকি বন্ধ কৰি ভতিজাক মাৰাথান জেৰা আৰু লগতে কম্পিউটাৰৰ ভিতৰত কি আছে চালি জাৰি চোৱা হ'ল৷ একো নাপাই শেষত কম্পিউটাৰটোকে থানাত লৈ গ'ল আৰু লগতে ভতিজাৰ

দেউতাকক থানাত যাবলৈ আদেশ দি গ'ল৷ কম্পিটাৰ অবিহনে ভতিজাকৰ ব্যৱসায়ত আঘাত পৰিল, থানাত যোৱাত আৰক্ষীয়ে ক'লে কম্পিউটাৰটো ফৰেনচিকত পঠাম৷ সকলো নিশ্চিত আছিল যে ফৰেনচিকত পঠালেও অবৈধ একো নাপায় কিন্তু ভতিজাৰ ব্যৱসায় বন্ধ হোৱাৰ উপক্ৰম ঘটাত

উপায় নাপাই ভতিজাকৰ দেউতাই থানাৰ লগত চিনাকি (!) মানুহ এজনৰ জৰিয়তে দৰদাম কৰি তিনিহাজাৰ টকাত কম্পিউটাৰটো মোকলাই আনিলে৷

          ইফালে ল'ৰাজনে ফোন কৰি চিনাকি মানুহকেইজনৰ পৰা গোঠেই ঘটনাটো গ'ম পালে৷ আচলতে সিদিনাখন আৰক্ষীয়ে অবৈধ চিমৰ ব্যৱসায় কৰা মানুহ্ এজনৰ চিম বিক্ৰী কেন্দ্ৰত ৰেইড মাৰিব যোৱাৰ পথত থানাৰ দালাল এজনে (যিজনে কম্পিউটাৰ জনা ল'ৰাজনক চিনি পায়)

আৰক্ষীক সেই ল'ৰাজনৰ কথা কৈছিল৷ তাৰমতে সেই অঞ্চলত কম্পিউটাৰ জনা একমাত্ৰ ল'ৰা সিয়েই আৰু সি এইবিলাক অবৈধ কাম কৰিব পাৰে কম্পিউটাৰৰ জৰিয়তে৷ আৰক্ষীয়ে তেতিয়া চিম বিক্ৰী কৰা মানুহজনৰ তাত নগৈ ল'ৰা জনৰ ঘৰত গ'ল৷

   সেই ঘটনাত হতভম্ব হৈ পৰা ল'ৰাজন আৰু ঘৰত নগল, মোম্বাইত ভিছা প্ৰচেচিং শেষ হোৱাত সি বিদেশত যি গ'ল আৰু ঘুৰি নাহিল ঘৰলৈ৷ আজি বহুত বছৰ ধৰি তাৰ মনত নিজ দেশৰ মানুহৰ প্ৰতি, আইনৰ প্ৰতি অতি ঘৃণা৷ তাৰ মনত কিছুমান প্ৰশ্নই সদায় আমনি কৰে৷ ভালদৰে

কম্পিউটাৰ শিকি চৰকাৰী সাহাৰ্য্য অবিহনে স্বাৱলম্বী হব বিচৰাটো অপৰাধ আছিল নেকি? থানাৰ দালালজনে কিয় তাৰ কথা ভালদৰে নাজানি তাৰ ঘৰত আৰক্ষী পঠিয়াইছিল? আৰক্ষী বাহিনীৰ লোকসকলো তাৰ নিচিনা বা তাতকৈ উচ্চশিক্ষিত মানুহ, কিয় কথাটো ভালদৰে গমি নাচালে? এনেকুৱাই

যদি হয়, তেন্তে কোনো যুৱকেই দেখোন কম্পিউটাৰ শিকি স্বাৱলম্বী হোৱাৰ সপোন নেদেখিব৷






কম্পিউটাৰ এটা কিনাৰ আগতে

 কম্পিউটাৰ এটা কিনাৰ আগতে আজিকালিৰ এই লাগতিয়াল অত্যাধুনিক সজুলিবিধৰ বিষয়ে অলপ জানি লওঁক৷মুলতে গণনাৰ কাৰণে আৱিষ্কাৰ হোৱা এইবিধ সজুলি এতিয়া আৰু সেই গণনা কামত আৱদ্ধ হৈ থকা নাই৷দৈনন্দিন জীৱনৰ এনেকুৱা এটা অংশ নাই যত কম্পিউটাৰৰ প্ৰভাৱ নাই৷কম্পিউটাৰ বুলি কলে ডেক্সটপ আৰু লেপটপ দুয়োধৰণৰ কম্পিউটাৰ সজুলিকে বুজায়৷কম্পিউটাৰ এটা কিনাৰ আগতে জানিবলগীয়া কথাখিনি চমুকৈ হ'ল এনে ধৰণৰঃ-

   প্ৰথমে সিদ্ধান্ত লওঁক লেপটপ কিনিব নে ডেক্সটপ কিনিব৷দামৰ পাৰ্থক্য থকাৰ উপৰিও দুয়োটাৰে বেলেগ বেলেগ সুবিধা আছে৷যদি আপুনি একেৰাহে দীঘলীয়া সময়ৰ বাবে আৰু ডাঙৰ চফ্টৱেৰত (যেনে ডিজাইনিং চফ্টৱেৰ) কাম কৰিব বিচাৰে আৰু বিদ্যুৎৰ যোগান ভাল তেন্তে ডেক্সটপ কিনক৷নহলে লেপটপ কিনাই ভাল, যতে ততে লৈ যোৱাৰ সুবিধাৰ ওপৰিও লেপটপত থকা বেটাৰিয়ে বিদ্যুৎ নথকা সময়ত কাম চলাই যাব৷এতিয়া আহো কম্পিউটাৰ কিনাৰ আগতে কি কি কাৰিকৰী কথা জানিলে আপোনাৰ পৰিশ্ৰমৰ টকা অথলে নাযায়৷ তিনিটা বস্তু ভালদৰে চাই লব-
  (ক) প্ৰচেছৰ (CPU):  প্ৰচেছৰ হ'ল কম্পিউটাৰৰ মগজু৷ আমাৰ মগজুয়ে যি দুটা প্ৰাথমিক কাম কৰে- গণনা আৰু তথ্য সঞ্চয় কৰা, তাৰে গণনাৰ (দেখাত যদিও কম্পিউটাৰে বিভিন্ন ধৰণৰ কাম কৰে, কিন্তু মুলতঃ কম্পিউটাৰে 0 আৰু 1 ৰ গণনা কৰে) কামখিনি RAM ৰ সহায়ত কৰি হাৰ্ড দিস্কত সঞ্চয় কৰে৷ প্ৰচেছৰৰ ক্ষমতা যিমানে বেছি হব আপুনি ডাঙৰ কাম সিমান দ্ৰুতগতিত কৰিব পাৰে৷ বজাৰত বৰ্তমানে উপলব্ধ প্ৰচেছৰ সমুহ হ'ল এনেধৰণৰ Intel Core i7, Intel Core i5, Intel Core i3, Intel Core 2 Duo, Intel Pentum Dual Core, Intel Celeron etc.(AMD ৰো কিছুমান প্ৰচেছৰ আছে কিন্তু সাধাৰণ ব্যৱহাৰকাৰীৰ মাজত সিমান জনপ্ৰয় নহয়) ইয়াৰ আগতে পুৰণা কম ক্ষমতাৰ প্ৰচেছৰৰ কথা লিখিলো৷ইয়াৰে Intel Core i7 একেবাৰে শেহতীয়া আৰু ইয়াৰ গতি বেছি লগতে এই প্ৰচেছৰ থকা কম্পিউটাৰৰ দামও
বেছি৷কমদামী, কম ক্ষমতাৰ হ'ল Intel Celeron প্ৰচেছৰ৷ প্ৰচেছৰৰ গতি GHz (Giga Hertz) ত জোখা হয় যেনে ২.0 GHz, ২.৫ GHz ইত্যাদি৷
  (খ) RAM (Random Access Memory): ৰেম হ'ল কম্পিউটাৰৰ ক্ষণস্থায়ী স্মৃতি৷যিমান সময় বিদ্যুৎ সংযোগ থাকে সিমান সময়লৈ ৰেমত তথ্য জমা থাকে৷আগতেই উল্লেখ কৰামতে প্ৰচেছৰে ৰেমৰ সহায়ত যাবতীয় কাম কৰে৷প্ৰচেছৰে অস্থায়ীবাবে তথ্য ৰেমত জমা কৰি ৰাখে আৰু দৰকাৰ অনুযায়ী সেয়া ব্যৱহাৰ কৰে৷ সেয়ে ৰেম যিমানে বেছি হব কম্পিউটাৰৰ গতি সিমানে বেছি হব৷ ৰেমৰ ক্ষেত্ৰত দুটা কথা বিবেচনা কৰিব লাগে- অস্থায়ীবাবে তথ্য জমা ৰাখিব পৰা ক্ষমতা আৰু ৰেমৰ গতি৷ৰেমৰ ক্ষমতা Megabyte (MB) বা বেছি ক্ষমতাৰ হ'লে Gigabyte (GB) ত জোখা হয়৷ যেনে ৫১২ MB, ১ GB, ২GB ইত্যাদি৷বজাৰত উপলব্ধ এটা ৰেমৰ টুকুৰাৰ ক্ষমতা বৰ্তমান সৰ্বোচ্ছ ৪ GB. লেপটপ বিলাকত সাধাৰণতে ২ GB, ৪ GB বা ৮ GB ৰেম থাকে৷ ডেক্সটপৰ মেইন বৰ্ডে (Motherboard) যদি সমৰ্থন কৰে তেন্তে অতি সহজে ৰেম বঢ়াব পাৰি৷ৰেমৰ ক্ষেত্ৰত আন এটা কথা মন কৰিব লাগে, সেয়া হল ৰেমৰ গতি, ৰেমৰ গতি Mega Hertz ত হিচাপ কৰা হয়,যেনে ৫৩৩ MHz, ৬৬৭ MHz, ১৩৩৩ MHz ইত্যাদি৷
নতুন ৰেম হ'লে ক্ষমতাৰ লগতে গতিও বেছি হয়৷ ৰেমৰ গতি যিমানে বেছি হব প্ৰচেছৰে সিমান বেছি গতিৰে ৰেমত তথ্য সঞ্চয় আৰু ব্যৱহাৰ কৰিব পাৰিব৷
 (গ) হাৰ্ড ডিক্স (Hard Disk Drive): হাৰ্ড ডিক্স হ'ল কম্পিউটাৰত স্থায়ী তথ্য সঞ্চয় কৰাৰ ঠাই৷প্ৰচেছৰে ৰেমৰ সহায়ত যি কাম কৰিলে সেয়া সংৰক্ষণ (Save)ত ক্লিক কৰিলে হাৰ্ড ডিক্সত জমা হয়৷লগতে কম্পিউটাৰ চলিবলৈ যি অপাৰেটিং চিষ্টেমৰ দৰকাৰ হয় সেয়াও হাৰ্ড ডিক্সতে থাকে৷হাৰ্ড ডিক্সে যিহেতু তথ্য জমা ৰাখিব সেয়ে ইয়াৰ তথ্য জমা ৰখাৰ ক্ষমতা কিমান হব সেয়া আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব৷হাৰ্ড ডিক্সৰ ক্ষমতা Gigabyte (GB) ত জোখা হয়৷সাধাৰণতে বজাৰত ২৫০ GB, ৩২০ GB, ৫০০ GB, ১TB (Terabyte), ২ TB ক্ষমতাৰ হাৰ্ড ডিক্স পোৱা যায়৷ৰেমৰ নিচিনা হাৰ্ড ডিক্সৰও ক্ষমতা আৰু গতিৰ কথা বিবেচনা কৰিব লাগে৷হাৰ্ড ডিক্সৰ গতি RPM (Round Per Minute) ত জোখা হয়৷যেনে ৫৪০০ RPM, ৭২০০ RPM, ১০,০০০ RPM ইত্যাদি৷হাৰ্ড ডিক্সৰ গতি যিমানে বেছি হব প্ৰচেছৰে সিমানে বেছি গতিত হাৰ্ড ডিক্সত তথ্য জমা আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰিব৷

ওপৰত উল্লেখ কৰা তিনিটা প্ৰধান অংগৰ ওপৰিও মেইন বোৰ্ডৰ ওপৰতো কম্পিউটাৰৰ গতি নিৰ্ভৰ কৰে৷যদি সকলো মিলি যায় তেন্তে আপোনাৰ কম্পিউটাৰৰ পৰা সৰ্বোচ্ছ সুবিধা লব পাৰিব৷লেপটপবিলাক আৰু কিছুমান ডেক্সটপ নিৰ্মাণকাৰী কম্পেনিবিলাকে প্ৰচেছৰ,ৰেম,হাৰ্ড ডিক্স ইত্যাদি নিজে এটা কম্পিউটাৰত লগাই ৰাখে,আপুনি সেয়া সালসলনি কৰিব নোৱাৰিব৷কিন্তু যিবিলাক মডেলত আপোনাৰ চাহিদা পুৰণ কৰিব পৰাকৈ বস্তুবিলাক লগোৱা আছে সেয়া কিনিব পাৰে৷ডেক্সটপ যদি কিনে আপুনি অৰ্ডাৰ দিয়ামতে বনাই দিব কিন্তু তাতো কিছুমান সীমাবদ্ধতা আছে৷যেনে Intel Celeron Processor এটাৰ লগত ২ TB হাৰ্ড ডিক্স আৰু ৮ GB ৰেম লগালে প্ৰচেছৰে সেয়া বহন কৰিব নোৱাৰিব৷ডেক্সটপ কিনিলে মনিটৰ কিনাত সাৱধানতা অৱলম্বন কৰিব৷আগতে আছিল CRT (Cathode Ray Tube) মনিটৰ, পিছত আহিল LCD (Liquid Crystal Display) আৰু এতিয়া আহিল LED (Light Emitting Diode) মনিটৰ৷CRT মনিটৰে বিদ্যুৎ বেছি ব্যৱহাৰ কৰাৰ ওপৰিও বিকিৰণ কৰা ৰশ্মিয়ে চকুৰ ক্ষতি কৰে, LCD মনিটৰে বিকিৰণ কম কৰে আৰু বিদ্যুৎ কম খৰছ কৰে৷ LED মনিটৰ সকলোতকৈ বেছি নিৰাপদ আৰু আনবোৰৰ তুলনাত বিদ্যুৎ খৰছ কমকৈ কৰে৷
মন কৰিবলগীয়াঃ

প্ৰচেছৰৰ তথ্য জমাৰ ক্ষমতাৰ এককসমুহঃ-

• ১ Bit = Binary Digit

• ৮ Bits = ১ Byte

• ১০২৪ Bytes= ১ Kilobyte

• ১০২৪ Kilobytes = ১ Megabyte

• ১০২৪ Megabytes = ১ Gigabyte

• ১০২৪ Gigabytes = ১ Terabyte

 হাৰ্ড দিক্সৰ তথ্য জমা ৰখাৰ এককসমুহঃ

• ১ Bit = Binary Digit

• ৮ Bits = ১ Byte

• ১০০০ Bytes = ১ Kilobyte

• ১০০০ Kilobytes = ১ Megabyte

• ১০০০ Megabytes = ১ Gigabyte

• ১০০০ Gigabytes = ১ Terabyte

কম্পিউটাৰৰ বিষয়ে এয়া এক তুলমুল আলোচনা, নিজৰ সীমিত কাৰিকৰী জ্ঞানেৰে লিখিব চেষ্টা কৰিছো৷ কিমানদুৰ শুদ্ধ হৈছে নাজানো৷
ইতি৷

আফতাৰ ৷

ফেচবুকৰ "অকব" গোঠত প্ৰকাশিত৷

মিছকল, ফেচবুক আৰু বন্ধুত্ব৷


ক্ৰিং ক্ৰিং ক্ৰিং ক্ৰিং ক্ৰিং ......... মোবাইল বাজিয়েই আছে, নাম নাই, ৰিছিভ কৰিলো কাটি দিলে আকৌ ৰিং, ৰিছিভ ডিছকানেক্ট৷ভাৱিলো কোনোবাই বিপদত পৰি কল কৰি আছে, মই লগালো৷ সুমধুৰ নাৰীকণ্ঠ ভাহি আহিল (মনতে তেওঁৰ ধুনীয়া ৰুপটো কল্পনা কৰিলো)৷সুধিলো কাক লাগে,

ওলোটাই মোৰ পৰিচয় বিচাৰিলে৷ কথা নবঢ়াই মোৰ পৰিচয় দিলো৷ দুবাৰমান ছৰি বুলি কৈ লাইন ডিছকানেক্ট৷ ৰাতি আকৌ কেইটামান মিছকল৷ কলবেক কৰি সুধিলো আপোনাৰ কি সমস্যা হৈছে৷ "নাই, মোৰ একো সমস্যা হোৱা নাই৷" তেন্তে বাৰে বাৰে কিয় মিছ কল দি আছে? উত্তৰ আহিল

মই তোমাৰ লগত বন্ধুত্ব কৰিব বিচাৰো৷ বন্ধুত্ব!!! ঠিক আছে, ৰাতিপুৱা কথা পাতিম, এতিয়া মই ডিউটিত আছো৷ "মই আপোানৰ কলৰ বাবে অপেক্ষা কৰিম৷" ৰাতিপুৱা শুই উঠি দেখো দুটা মিছকল৷ কল কৰিলো, কথা পাতিলো৷ পৰিচয় ললো৷ মোৰ নাম, ঘৰ, চাকৰি

দৰমহাৰ কথা, বিবাহিত নে সুধিলে৷মই উত্তৰ দিয়াৰ লগতে তেওৰ বিষয়ে সুধিলো৷তেওঁ বিউটিচিয়ান, অবিবাহিত, আচল ঘৰ হাইদেৰাবাদ, দুমাহ আগতে চাকৰি গ'ল, দেউতাই বেংকত চাকৰি কৰে, বাইদেউ এজনী বিয়া দিলে (মনতে ভাবিলো জীৱনসংগী হোৱাৰ পুৰা উপযুক্ত)৷ মা আৰু

দেউতাৰ বাহিৰে ঘৰত আৰু কোনো নাই৷মই কলো আমি এতিয়া যিহেতু বন্ধু হ'লো ফেচবুকত কথা পাতিব পাৰিম৷ ফেচবুকত এড কৰা হ'ল৷


--------------------------------------------------------------------------------




মোৰ মবাইলৰ টকা শেষ হৈ গ'ল৷ এতিয়া ফেচবুকতঃ




মইঃ আপোনাৰ লগত কথা পাতি ভাল৷তেওঁঃ মোৰো ভাল লাগিল, আপোনাৰ কণ্ঠস্বৰ বহুত ধুনীয়া৷মইঃ ধন্যবাদ, আপোনাৰ কণ্ঠও বহুত ধুনীয়া৷তেওঁঃ আপুনি মোক বিশ্বাস কৰেনে?

মইঃ নিশ্চয় কৰো৷ কিয় নকৰিম?

তেওঁঃ যদি মই তোমাৰ পৰা সহায় বিছাৰো, সহায় কৰিবানে?

মইঃ কওঁক,কেনেকুৱা সহায় লাগে?

তেওঁঃ  মোৰ হাতত টকা নাই আৰু এজনক টকা দিবলগীয়া আছে৷

অলপ ভাৱিলো পিছ্ত,

মইঃ অহ! আপোনাৰ দেউতাৰ ফোন নম্বৰ দিয়া, মই তেওৰ লগত কথা পাতিম৷

তেওঁঃ  দেউতাৰ লগত কিয় কথা পাতিব লাগে?

মইঃ আপোনাৰ দেউতাইতো আপোনাক টকা দিব৷ আপুনি দেউতাক টকা খুজিবলৈ লাজ কৰি আছে, সেয়ে মইয়েই কথাটো দেউতাক কম৷

তেওঁঃ মোক অমুক  মোবাইলৰ ৰিচাৰ্জকাৰ্ড দিব পাৰিবা নেকি?

মইঃ নাই, আপুনি ভুল ঠাইত আহিছে দেই৷

তেওঁঃ  ঠিক আছে, ধন্যবাদ৷

মইঃ বন্ধুত্বৰ অৰ্থ এয়াই নেকি?

তেওঁঃ নহয়, মই আপোনাক মোৰ ভাল বন্ধু বুলি ভাৱিছিলো, কিন্তু হেৰাইপেলালো৷দুঃখিত৷

মইঃ মই ভাৱো যি সম্পৰ্কৰ মাজত টকা আহি যায়, সেই সম্পৰ্ক টিকি নাথাকে

৷তেওঁঃ ঠিক আছে, বিদায়৷

মইঃ এতিয়াৰ বাবে নে চিৰদিনৰ বাবে?

তেওঁঃ , হাঃ হাঃ হাঃ, এতিয়া অফলাইন হৈ আছো৷

মইঃ ঠিক আছে, বিদায়৷

পিছদিনা ৰাতিপুৱা আকৌ মিছকল, মোৰ মবাইলত বেলেস্ন ভৰোৱা হোৱাই নাই৷ ফেচবুকত শুপ্ৰভাত  মেছেজ দিলো, উত্তৰ আহিল দুঃখিত, মই ব্যস্থ




আছো৷xxxxxxxxx000000000000xxxxxxxxxxxxxx



বিদেশত মোৰ অভিজ্ঞতা (1)


মই এজন অতি সাধাৰণ মানুহ, মোৰ জন্ম মধ্য অসমৰ নগাওঁ জিলাৰ হোজাই মহকুমাত৷কৰ্মসুত্ৰে থাকো চৌদি আৰৱৰ ৰাজধানী ৰিয়াধত৷আপোনালোকৰ লগত বিদেশত মোৰ অভিজ্ঞতা বিলাব খুজিছো৷




বৰ্তমানেওঁ পৃথিৱীৰ যিকেইখন দেশত ৰাজতন্ত্ৰ বৰ্ত্তি আছে তাৰে অন্যতম হৈছে চৌদি আৰৱ৷মুঠ মাটিকালি 2,250,000 km2 থকা দেশখনৰ ভিত্তি স্থাপন হৈছিল 1932 চনত৷ ইয়াৰ আগতে বিভিন্ন অংশত বিভিন্ন ফৈদৰ ৰজাসকলে ৰাজত্ব কৰিছিল৷ মাটিকালিৰ হিচাপত চৌদি আৰৱ পশ্চিম

এছিয়াৰ  সৰ্ববৃহৎদেশ আৰু আৰব বিশ্বৰ 2য় বৃহৎ দেশ৷৷উত্তৰফালে আৰু উত্তৰপুৱত জৰ্ডান আৰু ইৰাক,পূৱফালে কুৱেত, কাটাৰ,


বাহৰাইন আৰু সযুক্ত আৰৱ আমীৰশ্বাহী (UAE).দক্ষিণপূৱত ওমান, দক্ষিণত য়েমেন৷ পশ্চিমফালে লোহিত সাগৰ আৰু পূৱত ফাৰ্চি উপসাগৰ৷ইয়াত থকা মুঠ সাতাইশ মিলিয়ন জনসখ্যাৰ  ন মিলিয়ন পঞ্জীয়নভুক্ত বিদেশী, নাগৰিক ষোল্ল মিলিয়ন আৰু বাকী দুই মিলিয়ন অবৈধ বিদেশী৷




আব্দুল আজিজ বিন  চৌদে 1932 চনত হেজাজ আৰু নেজদ সাম্ৰাজ্যৰ একত্ৰিকৰনেৰে এতিয়াৰ চৌদি আৰৱ স্থাপন কৰিছিল৷ কিন্তু 1902 চনত ইয়াৰ আৰম্ভণি হৈছিল যেতিয়া আব্দুল আজিজ বিন  চৌদে তেওৰ পূৰ্ব-পূৰুষ আল চৌদৰ বাসস্থান ৰিয়াধ দখল কৰিছিল৷ আল চৌদৰ নামেৰে

ইয়াৰ নামাকৰন কৰা হৈছিল Kingdom of Saudi Arabia৷ যদিও ইয়াত ইছলামিক শাসন চলা বুলি কোৱা হয় কিন্তু আৰম্ভনিৰ


পৰাই ইয়াত চৰম ৰাজতন্ত্ৰ চলি আছে৷ইয়াক কেতিয়াবা দুখন পৱিত্ৰ নগৰৰ দেশ বুলিও কোৱা হয়৷ ইয়াতেই ইছলাম ধৰ্মাৱল্মীৰ পৱিত্ৰ উপাসনা গৃহ কাবা আৰু মদিনা অৱস্থতি৷




চৌদি আৰৱ হ'ল পৃথিৱীৰ দ্বিত্বীয় পেট্ৰলিয়াম ৰপ্তানিকাৰী দেশ আৰু পৃথি্ৱীৰ ষষ্ঠতম গেছৰ ভাণ্ডাৰ ইয়াতেই আছে৷ দেশখনে 95% পেট্ৰলিয়াম ৰপ্তানি কৰে আৰু  মূঠ ৰাজহৰ 70% ইয়াৰ পৰাই আহে৷




দেশখনত সীমিত খেতি আৰু হজযাত্ৰীসকলৰ পৰা হোৱা আয়েৰে চলি আছিল৷ 1938 চনত পেট্ৰলিয়াম আৱিষ্কাৰ হেছিল৷ কিন্তু 2য় বিশ্বযুদ্ধ আৰম্ব হোৱাত উৎপাদন তেনেকৈ নহল৷ 1976 চনত ইয়াত পূৰ্ণৰুপত তেল উৎপাদন আৰম্ভ হ'ল আৰু দেশখনে ক্ষিপ্ৰ উন্নতিৰ ফালে গতি কৰিলে৷ ইয়াৰ

লগে লগে বিশ্বৰ বিভিন্ন দেশৰ পৰা ইয়াত কাম কৰিবলৈ মানুহ আহিব ধৰিলে৷




তাৰে এটা অংশ হিচাপে ময়ো 2009 চনৰ ফেব্ৰুৱাৰী মাহত আহিলো৷ ইয়াত আহিবলৈ হ'লে কোনোবা স্পনচৰৰ  ভিছাত আহিব লাগে৷ইয়াত থকা সৰু-ডাঙৰ বিভিন্ন কোম্পানিয়ে বিশ্বৰ বিভিন্ন দেশৰ পৰা সকলো ধৰণৰ কাম কৰা মানুহ আনি আছে৷ ধনী চৌদি নগৰিকে নিজৰ গাড়ী চলাবলৈ

ড্ৰাইবাৰ আৰু ঘৰত কাম কৰিবলৈ মহিলা কৰ্মচাৰী ৰাখে৷ দুইধৰনে আহিব পাৰি, কোনোবা স্পনছৰৰ লগত মৌখিক চুক্তি কৰি যে স্পনচৰৰ তাত কাম কৰিব নালাগে, তাৰ বাবে ভিছা কিনি নিজৰ খৰছত চৌদি আৰৱ আহিব লাগে আৰু বছৰি এটা নিৰ্দিষ্ট পৰিমাণৰ টকা দি

Residential permit ন ্ৱীকৰন কৰি দিয়ে৷ 2য় উপায়ত স্পনছৰৰ ঘৰত/দোকানত/কম্পেনিত কাম কৰিব লাগে আৰু এয়া ইয়াৰ আইনত বৈধ৷ মই আহিলো ভিছা কিনি আৰু মই স্পনছৰৰ লগত কাম নকৰো৷ বছৰি তাক দিবলগীয়াখিনি দি মই যত চাকৰি পাওঁ তাতে

কৰো৷




চৌদি আৰৱ  পৃথিৱীৰ ধনী দেশবিলাকৰ এখন৷ ইয়াৰ ৰাস্থাত মানুহ দেখিবলৈ নাই, কাৰণ হ'ল পেট্ৰল অতি সস্থাত পোৱা যায়৷ পৃথিৱীৰ আন কোনো দেশত চাগে পেট্ৰল ইমান সস্থা নহয়৷ দুই ধৰণৰ পেট্ৰল আছে, তাৰে এবিধ 91 আৰু আনবিধ 95৷ প্ৰথমবিধৰ দাম প্ৰতি লিটাৰত 45 হালালা

(1 ৰিয়ালৰ এশভাগৰ এভাগক 1 হালাল বোলা হয়) আৰু 2য়বিধ 60 হালালা প্ৰতি লিটাৰ৷ৰ্তমান 1 ৰিয়ালত ভাৰতীয় 14.70 টকা পোৱা যায়৷





চৌদিবিলাকৰ কথাই নাই বিদেশী যাৰ দৰমহা, আয় অলপ ভাল নিজে গাড়ী এখন কিনি লয়৷ ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ মাত্ৰ কেইটামান পথত চলে৷ বাকী টেক্সী, ইয়াৰ টেক্সীবিলাক দামী দামী গাড়ীৰ৷সকলোগাড়ী বাতানুকুল৷ ৰাস্থাবিলাক বহল  আৰু মাজত ডিভাইডাৰ থকা,বেছিভাগ

ৰাস্থাৰ প্ৰত্যোকফালে একেলগে পাঁচখন গাড়ী চলিব পৰা৷ কিছুমান ৰা্স্থাত যানজট অতি বেছি আৰু ইয়াত দূৰ্ঘটনাও অতি বেছি৷ তাৰ কাৰণ


দুটা, এটা হ'ল ৰাস্থাৰ অসংখ্য গাড়ী আৰু বেছিভাগ নাগৰিকৰ বেপৰুৱা গাড়ী চালনা৷ সৰু সৰু লৰাই যেতিয়া দ্ৰতগতিত গাড়ী চলায় তেতিয়া দুৰ্ঘটনা নিশ্চিত৷ কিছুমান লৰাই  ইমান ব্যস্থ ৰাস্তাত একা বেকাকৈ (cardrifting) গাড়ী চলায় যে দেখিলেই ভয় লাগে৷




আগতে ইয়াত তেনে কোনো উল্লেখযোগ্য শিক্ষা-অনুষ্ঠান নাছিল কিন্তু এতিয়া বহুত কেইখন উচ্চমানৰ  বিশ্ববিদ্য্যলয় আছে, কিছুমান কাৰিকৰি শিক্ষাৰ প্ৰতিষ্ঠান আছে৷ শিক্ষাৰ মান উন্নত কৰাৰ বাবে ইয়াত পৃথিৱীৰ বিভিন্ন দেশৰ পৰা শিক্ষক নিয়োগ কৰা হয়৷ আমেৰিকা, ইংলেণ্ডৰ  বহুতো শিক্ষক

আছে, বিশেষকৈ ইংৰাজী আৰু কাৰিকৰী  শিক্ষা দিবলৈ৷ ইয়াৰ বহোতো ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী খৰছত বিদেশত বিশেষকৈ আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যায়৷ শিক্ষিত মানুহখিনিৰ আচাৰ ব্যৱহাৰ অলপ উন্নত৷ ইয়াত এটা কথা লক্ষ্য কৰিলো আমাৰ দেশত মহাব্যাধিৰ ৰুপ লোৱা ঘোচঁৰ

পৰিমান অতি কম৷ আৰক্ষীৰ ব্যৱহাৰ অতি ভদ্ৰ৷ আমাৰ অসমৰ পৰ আৰক্ষীৰ পৰা যি ব্যৱহাৰ আশা কৰিব নোৱাৰি ইয়াত বিদেশী হৈওঁ ইয়াতকৈ বহুত ভাল অভিজ্ঞতা হ'ল৷ইয়াৰ  এবাৰ মোৰ দাদাই তেখেতৰ গাড়ীৰে য়েমেনৰ এজনৰ গাড়ীত পিছফালৰ পৰা খুন্দা মাৰিলে৷ ভাগ্য ভাল কাৰো

শাৰিৰিক  ক্ষতি নহ'ল৷ দাদাই য়েমেনিৰ গাড়ীৰ ক্ষতিপুৰণ(দাদাৰ গাড়ীৰ বীমা নাছিল) দিবলৈ সন্মত হ'ল৷ ইয়াৰ আইনমতে যানবাহন আৰক্ষীক খবৰ দিয়া হ'ল৷ আৰক্ষী আহিল 10 মিনিটৰ ভিতৰত, চালাম কৰিলে, দুয়োজনৰ লগত হাতমিলালে, দুয়োজনৰে পৰিচয়-পত্ৰ, গাড়ী চালনাৰ

অনুজ্ঞাপত্ৰ  আদি চাই  ৰেজিষ্টাৰ বহীত কিবা কিবি লিখিলে৷ ইয়াৰ পাছত সুধিলে এতিয়া তোমালোকে কি কৰিবা, দাদা আৰু য়েমেনিজনে আগতে কথা পাতি থোৱামতে কলে৷ তেতিয়া আৰক্ষীজনে কাগজ এখন য়েমেনিৰ হাতত দি বিদায় ল'লে৷




ইয়াত গাড়ী কিনিলে লগে লগে নিজৰ নামত অনুজ্ঞাপত্ৰ বনাই লব পাৰি, তাকো বিনা উৎকোচত৷ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ পোৱা অলপ কঠিন৷ যদি নিজৰ দেশৰ অনুজ্ঞাপত্ৰ থাকে আৰু গাড়ী ভালদৰে চলাব জানিলে লগতে গাড়ী চালনাৰ সংকেতসমুহ জানিলে এদিনতে পাব পাৰি৷ ইয়াৰ বাবে

প্ৰথমে প্ৰাথমিক পৰীক্ষা লোৱা হয়, ইয়াত পাছ কৰিলে চকু পৰীক্ষা আৰু পাছত নিৰ্দিষ্ট কাউন্টাৰত ফিজ দি হলত বহিব লাগে,


সময়মতে সংকেতচিহ্নৰ পৰীক্ষা দিব লাগে, ইয়াত পাছ কৰিলে গাড়ী চলাব দিয়া হয়, এজন পৰীক্ষক (যান বাহন আৰক্ষী) আৰু চাৰিজনক এখন গাড়ীত উটাই চলাব দিয়া হয়৷ পাছ কৰিলে লগে লগে অনুজ্ঞাপত্ৰ দিয়া হয়৷ পিছে প্ৰথম পৰীক্ষাত বেয়া হোৱাখিনিক নিৰ্দিষ্ট ফিজৰ বিনিময়ত 4 দিন

আৰু একেবাৰে বেয়া কৰাখিনিক  তিনসপ্তাহৰ প্ৰশিক্ষন দিয়া হয়৷ প্ৰশিক্ষণ সম্পূৰ্ণ হ'লে আকৌ পৰীক্ষাত বহিব দিয়া হয়৷ বিশেষ প্ৰয়োজনত মোৰো দৰকাৰ হোৱাত তিনিসপ্তাহৰ প্ৰশিক্ষণ লৈ সংকেত পৰীক্ষাত পাছ কৰিলো, কিন্তু দুবাৰ চেষ্টা কৰিওঁ গাড়ী চালনাত কৃতকাৰ্য্য নহলো৷




মই কম্পিউটাৰ দোকান এখনত চাকৰি কৰি আছো, এয়া মোৰ তিনি নম্বৰ চাকৰি৷ চাকৰিসুত্ৰে বহুত মানুহৰ লগত দেখা হয় আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতা হয়৷ ৰিয়াধ হ'ল চৌদি আৰৱৰ ৰাজধানী চহৰ৷পৃথিৱীৰ অপৰাধপ্ৰৱণ চহৰৰ তালিকাত  ৰিয়াধৰ স্থান তিনিনম্বৰত৷ কঠোৰ ইছলামিক

আইন আৰু শাস্তি থকা সত্বেও ইয়াত চুৰি-ডকাইতি,হত্যা লুঠপাতৰ হাৰ খুব বেছি৷ অতি সাধাৰণ কথাতে বন্দুকেৰে গুলিওৱা, চুৰি মৰা আদি


সাধাৰন কথা৷ ইতিহাসমতে চৌদি আৰৱত মানুহবিলাক অতি বৰ্বৰ আছিল৷ কথাটো মিছা নহয়৷ ইয়াৰ ৰাস্থাত 24 ঘন্টাই পহৰাদাৰী আৰক্ষীৰ গাড়ী থাকে৷ দহৰ পৰা পোন্ধৰ মিনিটৰ ভিতৰত এখন আৰক্ষীৰ গাড়ী পাৰ হয়,তথাপিওঁ অপৰাধ কম নহয়৷ মই কেবাটাও লোমহৰ্ষক কাহিনী

শুনিছিলো৷ ইয়াত  কিছুমান চুপাৰ মাৰ্কেট, ৰেষ্টুৰেণ্ট 24 ঘণ্টা খোলা থাকে আৰু বাকীবিলাক ৰাতি 12 বজাত বাধ্যতামুলক বাবে বন্ধ কৰিব লাগে৷ ইয়াত থকা দোকান, ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি যিমান ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলোতে বিদেশীয়ে কাম কৰে৷ মই দেখাত চৌদি নাগৰিকে

চৰকাৰী চাকৰি আৰু ডাঙৰ কোম্পানীবিলকাৰ মেনেজাৰ, সঞ্চালকজাতীয় পদত থাকে৷

বিদেশত মোৰ অভিজ্নতা (2)



চৌদি আৰৱত থকা বহুত দিন হ'ল৷ সেয়ে ইয়াৰ আৰক্ষী, যানবাহন আৰক্ষীৰ বিষয়ে অলপ অভিজ্ঞতা হ'ল৷ মই দেখা নাইবা জড়িত কেইটামান ঘটনা ইয়াত লিখিব ওলাইছো৷

No FIR, No inquiry  no case file, no court, Judgement on the spot.  এবাৰ এজন ভাৰতীয় (উত্তৰ প্ৰদেশৰ) হোম ড্ৰাইভাৰ ঘৰত যাব খুজিছিল৷ চুক্তি আছিল 2 বছৰৰ মুৰে মুৰে ঘৰত যোৱাৰ সুবিধা

পাব৷ কিন্তু দুই বছৰ তিনিমাহ হোৱাৰ পাছতো ঘৰত যাব নিদিয়ে তাৰ নিয়োকৰ্তাই, বহুত অনুৰোধৰ পাছতো কাম নোহোৱাত কেইজনমান বন্ধুৰ লগত সি আলোচনা কৰিলে৷ পিছত এদিনাখন এশ্বাৰ নামাজ পঢ়ি মছজিদৰ পৰাই পুলিছক ফোন কৰিলে, ইয়াত পুলিছ আহি পাওতে বেছি সময়

নালাগে৷পেট্ৰলিঙৰ পুলিছ এজন আহিল, আহি সুধিলে িকি হ'ল৷ মানুহজনে সকলো বিৱৰি ক'লে৷ লগতে তাৰ চুক্তিপত্ৰখন দেখুৱালে৷ লগে লগে তাৰ নিয়োগকৰ্তাক পুলিছে ফোন কৰি মাতিলে৷  নিয়োগকৰ্তা আহিল, পুলিছে কিবা সুধিলে আৰু লগে লগে ৰায় দিলে মানুহজনৰ কাৰণে ৰাতিপুৱাৰ টিকেট

কাটি দিব লাগে৷লগতে আৰু কিবা কিবি ক'লে৷ পুলিছ গুছি যোৱাত ড্ৰাইভাৰজনক ক'লে মই তোমাক ছুটি দিলোহেতেন, তুমি কিয় পুলিছক কব লাগে ইত্যাদি, বেচেৰাই আচলতে বৰ লাজ পাইছিল, কাৰণ নামাজৰ পিছৰ ঘটনা আৰু বহুতো চৌদিয়ে দেখা পালে৷ নিয়োগকৰ্তাই   পিছদিনা পুৱা 9

বজাৰ টিকেট কাটি দিলে আৰু ৰাতিপুৱাই পাছপৰ্ট কাৰ্য্যালয়ত গৈ যাৱতীয় কামখিনি কৰি আনি দিলে৷
========xxxxxxxxxxx========


বিদেশত অভিজ্ঞতা (3)


ভাৰতৰ আৰক্ষী (বিশেষকৈ অসম যানবাহন আৰক্ষী)ৰ আৰক্ষীৰ বিপৰীত ছবি এখন দেখা পালো যেতিয়া মোৰ দাদাৰ গাড়ীয়ে য়েমেনি এজনৰ গাড়ীত পিছফালৰ পৰা খুন্ধা মাৰিলে৷ ইয়াৰ নিয়ম অনুযায়ী আৰক্ষীক খবৰ দিয়া হ'ল৷ আৰক্ষী অহাৰ আগতেই দাদাই য়েমেনিজনৰ লগত কথা পাতিলে৷দাদাৰ গাড়ীৰ ইনচুৰেঞ্চ নাছিল৷ য়েমেনিজনৰ গাড়ীৰ যিমান ক্ষতি হ'ল দাদাই ভৰিবলৈ মান্তি হ'ল৷ আৰক্ষী আহিল, দুজনৰ লগত হাত মিলালে৷ দুয়োজনৰ পৰিচয়-পত্ৰ চালে, গাড়ীৰ কাগজ পৰীক্ষা কৰিলে৷ কিবা কিবি লিখিলে আৰু সুধিলে তোমালোকে এতিয়া কি বিচৰা৷ আগতে কথা পাতিতোৱা আছিল, সেইমতে কোৱা হ'ল৷আৰক্ষীজনে য়েমেনিজনৰ হাতত কিবা কাগজ এখন দিলে আৰু চালাম জনাই গুচি গ'ল৷ আমাৰ অসমত এনেকুৱা কথা কল্পনা কৰিব পাৰিনে? অবাইচ মাত আৰু থানালৈ বল, টকা দে নহ'লে থানালৈ বল৷ ফিল্ডত কোনো কেছ মিমাংসা নহয়, থানাৰ বৰবাবুৰ ওচৰত যাবই লাগিব৷

মই চাকৰি কৰা দোকানখনত এবাৰ এজন গ্ৰাহকে বস্তু এটা কিনিব আহিল৷ মই কলো 85 ৰিয়াল, কিন্তু সি 65 ৰিয়ালত নিব খুজে৷ যিটো বস্তুৰ কিনা দাম 78 ৰিয়াল, সেইটো কেনেকৈ 65 ৰিয়ালত বিক্ৰী কৰিব পাৰি? সি কৈ আছিল আগতে বোলে এইটো 65 ৰিয়লাত কিনিলে৷ মই কলো এই বিষয়ে মই নাজানো৷ আমি বহুত আগৰেপৰাই এইটো 85 ৰিয়ালত বিক্ৰী কৰি আছো৷ কোনোমতে নামানে৷ সি কলে সি বোলে  Ministry of Internal ত চাকৰি কৰো, তৰ্কাতৰ্কি কৰি মোক মাৰিবলৈ হাত ডাঙিলেই, মই কলো হাত নেদেখুৱাবি মোৰো হাত আছে আৰু মইও মাৰিব পাৰিম৷ সি মোক কলে তই চুৰ৷ মই কলো তই চুৰ৷ এই কথাত সি কলে যে ঠিক আছে মই চুৰ, বস্তুটো মই লৈ যাম, পুলিছক ফোন কৰা৷ মই আৰু মোৰ লগত চাকৰি কৰা জনে একলগে কলো চাওঁ কেনকৈ লৈ যোৱা, আমি যাৱ নিদিওঁ৷ পিছত সি পুলিচ মাতিলে, আমিও আমৰ


নিয়োগকৰ্তাক মাতিলো৷ পুলিছ আহি পালে, চালমা কৰি হাত মিলাই মানুহজনে মোৰ কথা কলে পুলিছ্ক৷ পুলিছে কি হৈছে মোক সুধিলে৷ মই কলো৷ একে সময়তে আমাৰ নিয়োগকৰ্তা আহি পালে৷ পুলিছৰ লগত কথাপাতিলে৷ পিছত পুলিছজনে গ্ৰাহকজকন ক'লে সকলো ঠিক আছে, তুমিহে ঠিক নোহোৱা৷ পুলিছ গুছি গ'ল, নিয়োগকৰ্তাই আমাক অলপ বুজালে যে যিমান পাৰি ধৈৰ্য ধৰি থাকিব লাগে, কোনোবাই সৰু সুৰা বস্থু নিব


খুজিলেও নিব দিব লাগে, কিন্তু গাড়ীৰ নম্বৰ লিখি ৰাখিব লাগে ইত্যাদি৷ লেপটপ নিব বিচাৰিলে ধৰিব লাগে৷

ইতিঃ

XXXXXXXXXXXXXXX=====XXXXXXXXXX

শিৰচ্ছেদ আৰু চৌদি আৰৱ


চৌদি আৰৱেই পৃথিৱীৰ একমাত্ৰ দেশ যত এতিয়াও ইছলামিক আইন অনুসৰণ কৰি ডিঙি কাটি দোষীক শাস্তি প্ৰদান কৰা হয়৷হত্যা, ধৰ্ষণ,সশস্ৰ ডকাইতি,ড্ৰাগছৰ ব্যৱসায়, সমকামিতা আৰু "কলা যাদু অনুশীলন কৰা"ৰ অভিযুক্তসকলক চুড়ান্ত শাস্তি মৃত্যুদণ্ড দিয়া হয়৷চৌদি আৰৱৰ হাইল প্ৰদেশৰ

গৱৰ্ণৰ তথা ৰাজকুমাৰে কিছুদিন আগতে 'বিবিচি'ৰ এটা সাক্ষাৎকাৰত কোৱামতে ভালদৰে অনুসন্ধান তথা সাক্ষী প্ৰমাণ ভালদৰে চাইচিতিহে মৃত্যুদণ্ডৰ আদেশ দিয়া হয়৷ মৃত্যৃদণ্ড কাৰ্য্যকৰী কৰা হয় ৰাজহুৱা স্থানত ডিঙি কাটি৷সাধাৰণতে শুক্ৰবাৰে জুমাৰ নামাজ পঢ়াৰ পাছত মছজিদ প্ৰাঙণ নাইবা

কোনো ডাঙৰ ফিল্ডত সশস্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত এই শাস্তি প্ৰদান কৰা হয়৷ৰাজধানী


ৰিয়াধৰ সকলোতকৈ পুৰণা ডাঙৰ মছজিদ "ধীৰা মছজিদ"ত প্ৰায় সকলো শুক্ৰবাৰে এজন


নহয় এজনৰ ডিঙি কটা হয়৷কেতিয়াবা ৰিয়াধৰ বেলেগ ঠাইতো এই কাম কৰা হয়৷মুকলি ঠাইত এই শাস্তি প্ৰদান কৰা হয় যাতে সকলোয়ে দেখিব পাৰে আৰু ইয়াৰ পৰা শিক্ষা লব পাৰে৷শিৰচ্ছেদ কৰাৰ আগতে মানুহজনৰ অপৰাধ কি আছিল মাইকযোগে জনাই দিয়া হয়৷নাগৰিক,বিদেশী কোনো

অপৰাধী এই শাস্থিৰ পৰা সাৰি নাযায়৷এবছৰমান আগতে এজনক (ইজিপ্তিয়ান নাগৰিক) গুদামঘৰ ৰক্ষীক হত্যা কৰি বস্তু-বাহানি চুৰিৰ কৰাৰ অপৰাধত একেলগে আঠজন বাংলাদেশী নাগৰিকৰ শিৰচ্ছেদ কৰা হৈছিল৷কেইমাহমান আগতে মই থকা ঘৰৰ ওচৰৰ ফিল্ডখনত এজন চৌদি নাগৰিকক

পত্নী হত্যাৰ অপৰাধত শিৰচ্ছেদ কৰাৰ হৈছিল৷এবাৰ পাকিস্থানী দুজন ভাই-ককাই (অভিযোগ- ড্ৰাগছৰ ব্যৱসায়)ৰ শিৰচ্ছেদ আমাৰ লগৰ এজনে চাব গৈছিল, পিছত এসপ্তাহ সি শুব পৰা নাছিল৷শুনামতে ডিঙি কঠাৰ আগতে ইঞ্জেকচন দি অজ্ঞান কৰি লোৱা হয়৷ইছলামিক আইনমতে ডিঙি কটাৰ

আগতে মৃতকৰ পৰিয়ালে এনেই নাইবা টকা লৈ অভিযুক্তক ক্ষমা কৰি দিব পাৰে৷ডিঙি কটাৰ আগমূহুৰ্ততো যদি মৃতকৰ পৰিয়ালে দাবী কৰা টকা দিয়া হয় তেন্তে অভিযুক্তই ৰেহাই পায়৷এবাৰ শুনিছিলো এজন ফিলিপিনৰ নাগৰিকে নিজক বচাবলৈ এজন চৌদি নাগৰিকক হত্যা কৰাৰ পাছত মৃতকৰ

পৰিয়ালে কেইবালাখ ৰিয়াল দাবী কৰিছিল, ফিলিপিনৰ বৈদেশিক মন্ত্ৰী চৌদি আৰৱত আহি সকলো ফিলিপিন নাগৰিকক আহ্বান জনাইছিল যাতে সকলোয়ে চান্দা জমা কৰি অভিযুক্তজনক বচাব পাৰে৷

আগতে ইয়াত চুৰিৰ অপৰাধত হাত কটা হৈছিল, পিছত এই আইন সলনি কৰা হ'ল, এতিয়া চুৰিৰ শাস্থি জেল৷ৰিয়াধত এতিয়া চুৰ,ডকাইত, প্ৰৱঞ্চকৰ অভাৱ নাই৷চৌদি নাগৰিককে ধৰি বেছিভাগ দেশৰ নাগৰিক এইবিলাক কাৰ্য্যত জড়িত৷চোৰ আৰু প্ৰৱঞ্চকৰ লগত হোৱা অভিজ্ঞতা বেলেগ এদিন

লিখিম৷আজিলৈ সামৰিলো৷ ইতি,

আফতাৰ হুছেইন চৌধুৰী

ৰিয়াধ, চৌদি আৰৱ৷



পেন ড্ৰাইভৰ পৰা ৱিনডজ 7 ইনষ্টল


পেন ড্ৰাইভৰ পৰা ৱিনডজ 7 ইনষ্টল কৰিব পাৰি৷ যদি আপোনাৰ কম্পিউটাৰত চিডি ড্ৰাইভ নাথাকে বা বেয়া হ'ল বা আপুনি দ্ৰুতগতিত ৱিনডজ 7 ইনষ্টল কৰিব বিচাৰিছে তেন্তে পেন ড্ৰাইভৰ পৰা ইনষ্টল কৰিব পাৰে৷

ইয়াৰ বাবে এটা ৱিনডজ ৱিষ্টা বা ৱিনডজ 7 থকা কম্পিউটাৰ, 4 জিবি বা তথোধিক ক্ষমতাৰ এটা পেন ড্ৰাইভ, ৱিনডজ 7 ৰ ডিভিডি লাগিব৷

ইয়াৰ পিছত তলত দিয়া পদ্ধতি অনুসৰণ কৰক৷

1. প্ৰথমে পেন ড্ৰাইভটো FAT32 বা NTFS দি ফৰ্মেট কৰক৷

2. Start>All Program > Accessories > Command prompt চলাওঁক৷ বা ৱিনডজ ল'গ কি +R কি টিপিলে RUN বক্স আহিব তাত CMD type কৰক৷

3. CMD ৱিনডত DISKPART লিখক

4. নতুন ৱিনড আহিব তাত LIST DISK লিখক৷ আপোনাৰ পিচত লাগি থকা HDD আৰু পেন ড্ৰাইভ দেখুৱাব, HDD 0, HDD 1 এনেদৰে দেখুৱাব৷

5. SELECT DISK 1 লিখক, ধৰি লৈছো আপোনাৰ পেন ড্ৰাইভ HDD 1 হিচাপে ওলাইছে৷

6. এতিয়া SELECT PARTITION 1 লিখক

7. ACTIVE লিখক৷

8. দুবাৰ EXIT লিখক৷




এতিয়া আপোনাৰ ডিভিডিৰ পৰা ৱিনদজৰ সকলো ফাইল পেনড্ৰাইভলে কপি কৰক৷ আপোনাৰ পেন ড্ৰাইভ সাজু৷

এতিয়া আপোনাৰ পিচিৰ USB ত পেন ড্ৰাইভটো লগাই পিচি অন কৰক৷ বুট বিশেষ কি (F12, F9 Esc) টিপক৷ মেনুৰ পৰা USB HDD, USB Storage বাচি লৈ Enter টিপক৷ ৱিনডজ ইনষ্টল আৰম্ভ হব৷

Delete GPT Protective Partition



In Windows XP Professional, you cannot access or modify GPT disk, but you can convert a GPT disk to MBR by using the CLEAN

command in DISKPART, which will delete GPT protective partition and remove all data and partition structures from the disk.


1.You might see HD Drive in GPT status on Disk Management.

2.Go to DOS command line (click on "Start Menu", then "Run", type in "cmd" in textbox, and hit "OK")     ◦Type in

"DISKPART" in command line.

◦Type in "LIST DISK" in command line to show all disks in this machine.

◦Use "SELECT" to set the focus to the specified partition.

For example "SELECT DISK 1".

◦Use "CLEAN" command to remove GPT disk from the current in-focus disk by zeroing sectors.

3.Go back to Disk Management, you can see GPT disk is "Not Initialized" now.

4.Within Disk Management, right click on disk info, choose "Initialize Disk", You can see GPT disk is "Unallocated" now.

5.Right click on disk info, choose "New Partition…", follow Partition Wizard and format it. Now you are able to use the

disk in Windows XP.