মই এজন অতি সাধাৰণ মানুহ, মোৰ জন্ম মধ্য অসমৰ নগাওঁ জিলাৰ হোজাই মহকুমাত৷কৰ্মসুত্ৰে থাকো চৌদি আৰৱৰ ৰাজধানী ৰিয়াধত৷আপোনালোকৰ লগত বিদেশত মোৰ অভিজ্ঞতা বিলাব খুজিছো৷
বৰ্তমানেওঁ পৃথিৱীৰ যিকেইখন দেশত ৰাজতন্ত্ৰ বৰ্ত্তি আছে তাৰে অন্যতম হৈছে চৌদি আৰৱ৷মুঠ মাটিকালি 2,250,000 km2 থকা দেশখনৰ ভিত্তি স্থাপন হৈছিল 1932 চনত৷ ইয়াৰ আগতে বিভিন্ন অংশত বিভিন্ন ফৈদৰ ৰজাসকলে ৰাজত্ব কৰিছিল৷ মাটিকালিৰ হিচাপত চৌদি আৰৱ পশ্চিম
এছিয়াৰ সৰ্ববৃহৎদেশ আৰু আৰব বিশ্বৰ 2য় বৃহৎ দেশ৷৷উত্তৰফালে আৰু উত্তৰপুৱত জৰ্ডান আৰু ইৰাক,পূৱফালে কুৱেত, কাটাৰ,
বাহৰাইন আৰু সযুক্ত আৰৱ আমীৰশ্বাহী (UAE).দক্ষিণপূৱত ওমান, দক্ষিণত য়েমেন৷ পশ্চিমফালে লোহিত সাগৰ আৰু পূৱত ফাৰ্চি উপসাগৰ৷ইয়াত থকা মুঠ সাতাইশ মিলিয়ন জনসখ্যাৰ ন মিলিয়ন পঞ্জীয়নভুক্ত বিদেশী, নাগৰিক ষোল্ল মিলিয়ন আৰু বাকী দুই মিলিয়ন অবৈধ বিদেশী৷
আব্দুল আজিজ বিন চৌদে 1932 চনত হেজাজ আৰু নেজদ সাম্ৰাজ্যৰ একত্ৰিকৰনেৰে এতিয়াৰ চৌদি আৰৱ স্থাপন কৰিছিল৷ কিন্তু 1902 চনত ইয়াৰ আৰম্ভণি হৈছিল যেতিয়া আব্দুল আজিজ বিন চৌদে তেওৰ পূৰ্ব-পূৰুষ আল চৌদৰ বাসস্থান ৰিয়াধ দখল কৰিছিল৷ আল চৌদৰ নামেৰে
ইয়াৰ নামাকৰন কৰা হৈছিল Kingdom of Saudi Arabia৷ যদিও ইয়াত ইছলামিক শাসন চলা বুলি কোৱা হয় কিন্তু আৰম্ভনিৰ
পৰাই ইয়াত চৰম ৰাজতন্ত্ৰ চলি আছে৷ইয়াক কেতিয়াবা দুখন পৱিত্ৰ নগৰৰ দেশ বুলিও কোৱা হয়৷ ইয়াতেই ইছলাম ধৰ্মাৱল্মীৰ পৱিত্ৰ উপাসনা গৃহ কাবা আৰু মদিনা অৱস্থতি৷
চৌদি আৰৱ হ'ল পৃথিৱীৰ দ্বিত্বীয় পেট্ৰলিয়াম ৰপ্তানিকাৰী দেশ আৰু পৃথি্ৱীৰ ষষ্ঠতম গেছৰ ভাণ্ডাৰ ইয়াতেই আছে৷ দেশখনে 95% পেট্ৰলিয়াম ৰপ্তানি কৰে আৰু মূঠ ৰাজহৰ 70% ইয়াৰ পৰাই আহে৷
দেশখনত সীমিত খেতি আৰু হজযাত্ৰীসকলৰ পৰা হোৱা আয়েৰে চলি আছিল৷ 1938 চনত পেট্ৰলিয়াম আৱিষ্কাৰ হেছিল৷ কিন্তু 2য় বিশ্বযুদ্ধ আৰম্ব হোৱাত উৎপাদন তেনেকৈ নহল৷ 1976 চনত ইয়াত পূৰ্ণৰুপত তেল উৎপাদন আৰম্ভ হ'ল আৰু দেশখনে ক্ষিপ্ৰ উন্নতিৰ ফালে গতি কৰিলে৷ ইয়াৰ
লগে লগে বিশ্বৰ বিভিন্ন দেশৰ পৰা ইয়াত কাম কৰিবলৈ মানুহ আহিব ধৰিলে৷
তাৰে এটা অংশ হিচাপে ময়ো 2009 চনৰ ফেব্ৰুৱাৰী মাহত আহিলো৷ ইয়াত আহিবলৈ হ'লে কোনোবা স্পনচৰৰ ভিছাত আহিব লাগে৷ইয়াত থকা সৰু-ডাঙৰ বিভিন্ন কোম্পানিয়ে বিশ্বৰ বিভিন্ন দেশৰ পৰা সকলো ধৰণৰ কাম কৰা মানুহ আনি আছে৷ ধনী চৌদি নগৰিকে নিজৰ গাড়ী চলাবলৈ
ড্ৰাইবাৰ আৰু ঘৰত কাম কৰিবলৈ মহিলা কৰ্মচাৰী ৰাখে৷ দুইধৰনে আহিব পাৰি, কোনোবা স্পনছৰৰ লগত মৌখিক চুক্তি কৰি যে স্পনচৰৰ তাত কাম কৰিব নালাগে, তাৰ বাবে ভিছা কিনি নিজৰ খৰছত চৌদি আৰৱ আহিব লাগে আৰু বছৰি এটা নিৰ্দিষ্ট পৰিমাণৰ টকা দি
Residential permit ন ্ৱীকৰন কৰি দিয়ে৷ 2য় উপায়ত স্পনছৰৰ ঘৰত/দোকানত/কম্পেনিত কাম কৰিব লাগে আৰু এয়া ইয়াৰ আইনত বৈধ৷ মই আহিলো ভিছা কিনি আৰু মই স্পনছৰৰ লগত কাম নকৰো৷ বছৰি তাক দিবলগীয়াখিনি দি মই যত চাকৰি পাওঁ তাতে
কৰো৷
চৌদি আৰৱ পৃথিৱীৰ ধনী দেশবিলাকৰ এখন৷ ইয়াৰ ৰাস্থাত মানুহ দেখিবলৈ নাই, কাৰণ হ'ল পেট্ৰল অতি সস্থাত পোৱা যায়৷ পৃথিৱীৰ আন কোনো দেশত চাগে পেট্ৰল ইমান সস্থা নহয়৷ দুই ধৰণৰ পেট্ৰল আছে, তাৰে এবিধ 91 আৰু আনবিধ 95৷ প্ৰথমবিধৰ দাম প্ৰতি লিটাৰত 45 হালালা
(1 ৰিয়ালৰ এশভাগৰ এভাগক 1 হালাল বোলা হয়) আৰু 2য়বিধ 60 হালালা প্ৰতি লিটাৰ৷ৰ্তমান 1 ৰিয়ালত ভাৰতীয় 14.70 টকা পোৱা যায়৷
চৌদিবিলাকৰ কথাই নাই বিদেশী যাৰ দৰমহা, আয় অলপ ভাল নিজে গাড়ী এখন কিনি লয়৷ ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ মাত্ৰ কেইটামান পথত চলে৷ বাকী টেক্সী, ইয়াৰ টেক্সীবিলাক দামী দামী গাড়ীৰ৷সকলোগাড়ী বাতানুকুল৷ ৰাস্থাবিলাক বহল আৰু মাজত ডিভাইডাৰ থকা,বেছিভাগ
ৰাস্থাৰ প্ৰত্যোকফালে একেলগে পাঁচখন গাড়ী চলিব পৰা৷ কিছুমান ৰা্স্থাত যানজট অতি বেছি আৰু ইয়াত দূৰ্ঘটনাও অতি বেছি৷ তাৰ কাৰণ
দুটা, এটা হ'ল ৰাস্থাৰ অসংখ্য গাড়ী আৰু বেছিভাগ নাগৰিকৰ বেপৰুৱা গাড়ী চালনা৷ সৰু সৰু লৰাই যেতিয়া দ্ৰতগতিত গাড়ী চলায় তেতিয়া দুৰ্ঘটনা নিশ্চিত৷ কিছুমান লৰাই ইমান ব্যস্থ ৰাস্তাত একা বেকাকৈ (cardrifting) গাড়ী চলায় যে দেখিলেই ভয় লাগে৷
আগতে ইয়াত তেনে কোনো উল্লেখযোগ্য শিক্ষা-অনুষ্ঠান নাছিল কিন্তু এতিয়া বহুত কেইখন উচ্চমানৰ বিশ্ববিদ্য্যলয় আছে, কিছুমান কাৰিকৰি শিক্ষাৰ প্ৰতিষ্ঠান আছে৷ শিক্ষাৰ মান উন্নত কৰাৰ বাবে ইয়াত পৃথিৱীৰ বিভিন্ন দেশৰ পৰা শিক্ষক নিয়োগ কৰা হয়৷ আমেৰিকা, ইংলেণ্ডৰ বহুতো শিক্ষক
আছে, বিশেষকৈ ইংৰাজী আৰু কাৰিকৰী শিক্ষা দিবলৈ৷ ইয়াৰ বহোতো ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী খৰছত বিদেশত বিশেষকৈ আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যায়৷ শিক্ষিত মানুহখিনিৰ আচাৰ ব্যৱহাৰ অলপ উন্নত৷ ইয়াত এটা কথা লক্ষ্য কৰিলো আমাৰ দেশত মহাব্যাধিৰ ৰুপ লোৱা ঘোচঁৰ
পৰিমান অতি কম৷ আৰক্ষীৰ ব্যৱহাৰ অতি ভদ্ৰ৷ আমাৰ অসমৰ পৰ আৰক্ষীৰ পৰা যি ব্যৱহাৰ আশা কৰিব নোৱাৰি ইয়াত বিদেশী হৈওঁ ইয়াতকৈ বহুত ভাল অভিজ্ঞতা হ'ল৷ইয়াৰ এবাৰ মোৰ দাদাই তেখেতৰ গাড়ীৰে য়েমেনৰ এজনৰ গাড়ীত পিছফালৰ পৰা খুন্দা মাৰিলে৷ ভাগ্য ভাল কাৰো
শাৰিৰিক ক্ষতি নহ'ল৷ দাদাই য়েমেনিৰ গাড়ীৰ ক্ষতিপুৰণ(দাদাৰ গাড়ীৰ বীমা নাছিল) দিবলৈ সন্মত হ'ল৷ ইয়াৰ আইনমতে যানবাহন আৰক্ষীক খবৰ দিয়া হ'ল৷ আৰক্ষী আহিল 10 মিনিটৰ ভিতৰত, চালাম কৰিলে, দুয়োজনৰ লগত হাতমিলালে, দুয়োজনৰে পৰিচয়-পত্ৰ, গাড়ী চালনাৰ
অনুজ্ঞাপত্ৰ আদি চাই ৰেজিষ্টাৰ বহীত কিবা কিবি লিখিলে৷ ইয়াৰ পাছত সুধিলে এতিয়া তোমালোকে কি কৰিবা, দাদা আৰু য়েমেনিজনে আগতে কথা পাতি থোৱামতে কলে৷ তেতিয়া আৰক্ষীজনে কাগজ এখন য়েমেনিৰ হাতত দি বিদায় ল'লে৷
ইয়াত গাড়ী কিনিলে লগে লগে নিজৰ নামত অনুজ্ঞাপত্ৰ বনাই লব পাৰি, তাকো বিনা উৎকোচত৷ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ পোৱা অলপ কঠিন৷ যদি নিজৰ দেশৰ অনুজ্ঞাপত্ৰ থাকে আৰু গাড়ী ভালদৰে চলাব জানিলে লগতে গাড়ী চালনাৰ সংকেতসমুহ জানিলে এদিনতে পাব পাৰি৷ ইয়াৰ বাবে
প্ৰথমে প্ৰাথমিক পৰীক্ষা লোৱা হয়, ইয়াত পাছ কৰিলে চকু পৰীক্ষা আৰু পাছত নিৰ্দিষ্ট কাউন্টাৰত ফিজ দি হলত বহিব লাগে,
সময়মতে সংকেতচিহ্নৰ পৰীক্ষা দিব লাগে, ইয়াত পাছ কৰিলে গাড়ী চলাব দিয়া হয়, এজন পৰীক্ষক (যান বাহন আৰক্ষী) আৰু চাৰিজনক এখন গাড়ীত উটাই চলাব দিয়া হয়৷ পাছ কৰিলে লগে লগে অনুজ্ঞাপত্ৰ দিয়া হয়৷ পিছে প্ৰথম পৰীক্ষাত বেয়া হোৱাখিনিক নিৰ্দিষ্ট ফিজৰ বিনিময়ত 4 দিন
আৰু একেবাৰে বেয়া কৰাখিনিক তিনসপ্তাহৰ প্ৰশিক্ষন দিয়া হয়৷ প্ৰশিক্ষণ সম্পূৰ্ণ হ'লে আকৌ পৰীক্ষাত বহিব দিয়া হয়৷ বিশেষ প্ৰয়োজনত মোৰো দৰকাৰ হোৱাত তিনিসপ্তাহৰ প্ৰশিক্ষণ লৈ সংকেত পৰীক্ষাত পাছ কৰিলো, কিন্তু দুবাৰ চেষ্টা কৰিওঁ গাড়ী চালনাত কৃতকাৰ্য্য নহলো৷
মই কম্পিউটাৰ দোকান এখনত চাকৰি কৰি আছো, এয়া মোৰ তিনি নম্বৰ চাকৰি৷ চাকৰিসুত্ৰে বহুত মানুহৰ লগত দেখা হয় আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতা হয়৷ ৰিয়াধ হ'ল চৌদি আৰৱৰ ৰাজধানী চহৰ৷পৃথিৱীৰ অপৰাধপ্ৰৱণ চহৰৰ তালিকাত ৰিয়াধৰ স্থান তিনিনম্বৰত৷ কঠোৰ ইছলামিক
আইন আৰু শাস্তি থকা সত্বেও ইয়াত চুৰি-ডকাইতি,হত্যা লুঠপাতৰ হাৰ খুব বেছি৷ অতি সাধাৰণ কথাতে বন্দুকেৰে গুলিওৱা, চুৰি মৰা আদি
সাধাৰন কথা৷ ইতিহাসমতে চৌদি আৰৱত মানুহবিলাক অতি বৰ্বৰ আছিল৷ কথাটো মিছা নহয়৷ ইয়াৰ ৰাস্থাত 24 ঘন্টাই পহৰাদাৰী আৰক্ষীৰ গাড়ী থাকে৷ দহৰ পৰা পোন্ধৰ মিনিটৰ ভিতৰত এখন আৰক্ষীৰ গাড়ী পাৰ হয়,তথাপিওঁ অপৰাধ কম নহয়৷ মই কেবাটাও লোমহৰ্ষক কাহিনী
শুনিছিলো৷ ইয়াত কিছুমান চুপাৰ মাৰ্কেট, ৰেষ্টুৰেণ্ট 24 ঘণ্টা খোলা থাকে আৰু বাকীবিলাক ৰাতি 12 বজাত বাধ্যতামুলক বাবে বন্ধ কৰিব লাগে৷ ইয়াত থকা দোকান, ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি যিমান ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলোতে বিদেশীয়ে কাম কৰে৷ মই দেখাত চৌদি নাগৰিকে
চৰকাৰী চাকৰি আৰু ডাঙৰ কোম্পানীবিলকাৰ মেনেজাৰ, সঞ্চালকজাতীয় পদত থাকে৷
No comments:
Post a Comment