চৌদি আৰৱেই পৃথিৱীৰ একমাত্ৰ দেশ যত এতিয়াও ইছলামিক আইন অনুসৰণ কৰি ডিঙি কাটি দোষীক শাস্তি প্ৰদান কৰা হয়৷হত্যা, ধৰ্ষণ,সশস্ৰ ডকাইতি,ড্ৰাগছৰ ব্যৱসায়, সমকামিতা আৰু "কলা যাদু অনুশীলন কৰা"ৰ অভিযুক্তসকলক চুড়ান্ত শাস্তি মৃত্যুদণ্ড দিয়া হয়৷চৌদি আৰৱৰ হাইল প্ৰদেশৰ
গৱৰ্ণৰ তথা ৰাজকুমাৰে কিছুদিন আগতে 'বিবিচি'ৰ এটা সাক্ষাৎকাৰত কোৱামতে ভালদৰে অনুসন্ধান তথা সাক্ষী প্ৰমাণ ভালদৰে চাইচিতিহে মৃত্যুদণ্ডৰ আদেশ দিয়া হয়৷ মৃত্যৃদণ্ড কাৰ্য্যকৰী কৰা হয় ৰাজহুৱা স্থানত ডিঙি কাটি৷সাধাৰণতে শুক্ৰবাৰে জুমাৰ নামাজ পঢ়াৰ পাছত মছজিদ প্ৰাঙণ নাইবা
কোনো ডাঙৰ ফিল্ডত সশস্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত এই শাস্তি প্ৰদান কৰা হয়৷ৰাজধানী
ৰিয়াধৰ সকলোতকৈ পুৰণা ডাঙৰ মছজিদ "ধীৰা মছজিদ"ত প্ৰায় সকলো শুক্ৰবাৰে এজন
নহয় এজনৰ ডিঙি কটা হয়৷কেতিয়াবা ৰিয়াধৰ বেলেগ ঠাইতো এই কাম কৰা হয়৷মুকলি ঠাইত এই শাস্তি প্ৰদান কৰা হয় যাতে সকলোয়ে দেখিব পাৰে আৰু ইয়াৰ পৰা শিক্ষা লব পাৰে৷শিৰচ্ছেদ কৰাৰ আগতে মানুহজনৰ অপৰাধ কি আছিল মাইকযোগে জনাই দিয়া হয়৷নাগৰিক,বিদেশী কোনো
অপৰাধী এই শাস্থিৰ পৰা সাৰি নাযায়৷এবছৰমান আগতে এজনক (ইজিপ্তিয়ান নাগৰিক) গুদামঘৰ ৰক্ষীক হত্যা কৰি বস্তু-বাহানি চুৰিৰ কৰাৰ অপৰাধত একেলগে আঠজন বাংলাদেশী নাগৰিকৰ শিৰচ্ছেদ কৰা হৈছিল৷কেইমাহমান আগতে মই থকা ঘৰৰ ওচৰৰ ফিল্ডখনত এজন চৌদি নাগৰিকক
পত্নী হত্যাৰ অপৰাধত শিৰচ্ছেদ কৰাৰ হৈছিল৷এবাৰ পাকিস্থানী দুজন ভাই-ককাই (অভিযোগ- ড্ৰাগছৰ ব্যৱসায়)ৰ শিৰচ্ছেদ আমাৰ লগৰ এজনে চাব গৈছিল, পিছত এসপ্তাহ সি শুব পৰা নাছিল৷শুনামতে ডিঙি কঠাৰ আগতে ইঞ্জেকচন দি অজ্ঞান কৰি লোৱা হয়৷ইছলামিক আইনমতে ডিঙি কটাৰ
আগতে মৃতকৰ পৰিয়ালে এনেই নাইবা টকা লৈ অভিযুক্তক ক্ষমা কৰি দিব পাৰে৷ডিঙি কটাৰ আগমূহুৰ্ততো যদি মৃতকৰ পৰিয়ালে দাবী কৰা টকা দিয়া হয় তেন্তে অভিযুক্তই ৰেহাই পায়৷এবাৰ শুনিছিলো এজন ফিলিপিনৰ নাগৰিকে নিজক বচাবলৈ এজন চৌদি নাগৰিকক হত্যা কৰাৰ পাছত মৃতকৰ
পৰিয়ালে কেইবালাখ ৰিয়াল দাবী কৰিছিল, ফিলিপিনৰ বৈদেশিক মন্ত্ৰী চৌদি আৰৱত আহি সকলো ফিলিপিন নাগৰিকক আহ্বান জনাইছিল যাতে সকলোয়ে চান্দা জমা কৰি অভিযুক্তজনক বচাব পাৰে৷
আগতে ইয়াত চুৰিৰ অপৰাধত হাত কটা হৈছিল, পিছত এই আইন সলনি কৰা হ'ল, এতিয়া চুৰিৰ শাস্থি জেল৷ৰিয়াধত এতিয়া চুৰ,ডকাইত, প্ৰৱঞ্চকৰ অভাৱ নাই৷চৌদি নাগৰিককে ধৰি বেছিভাগ দেশৰ নাগৰিক এইবিলাক কাৰ্য্যত জড়িত৷চোৰ আৰু প্ৰৱঞ্চকৰ লগত হোৱা অভিজ্ঞতা বেলেগ এদিন
লিখিম৷আজিলৈ সামৰিলো৷ ইতি,
আফতাৰ হুছেইন চৌধুৰী
ৰিয়াধ, চৌদি আৰৱ৷
No comments:
Post a Comment