Thursday, March 28, 2013

কম্পিউটাৰ এটা কিনাৰ আগতে

 কম্পিউটাৰ এটা কিনাৰ আগতে আজিকালিৰ এই লাগতিয়াল অত্যাধুনিক সজুলিবিধৰ বিষয়ে অলপ জানি লওঁক৷মুলতে গণনাৰ কাৰণে আৱিষ্কাৰ হোৱা এইবিধ সজুলি এতিয়া আৰু সেই গণনা কামত আৱদ্ধ হৈ থকা নাই৷দৈনন্দিন জীৱনৰ এনেকুৱা এটা অংশ নাই যত কম্পিউটাৰৰ প্ৰভাৱ নাই৷কম্পিউটাৰ বুলি কলে ডেক্সটপ আৰু লেপটপ দুয়োধৰণৰ কম্পিউটাৰ সজুলিকে বুজায়৷কম্পিউটাৰ এটা কিনাৰ আগতে জানিবলগীয়া কথাখিনি চমুকৈ হ'ল এনে ধৰণৰঃ-

   প্ৰথমে সিদ্ধান্ত লওঁক লেপটপ কিনিব নে ডেক্সটপ কিনিব৷দামৰ পাৰ্থক্য থকাৰ উপৰিও দুয়োটাৰে বেলেগ বেলেগ সুবিধা আছে৷যদি আপুনি একেৰাহে দীঘলীয়া সময়ৰ বাবে আৰু ডাঙৰ চফ্টৱেৰত (যেনে ডিজাইনিং চফ্টৱেৰ) কাম কৰিব বিচাৰে আৰু বিদ্যুৎৰ যোগান ভাল তেন্তে ডেক্সটপ কিনক৷নহলে লেপটপ কিনাই ভাল, যতে ততে লৈ যোৱাৰ সুবিধাৰ ওপৰিও লেপটপত থকা বেটাৰিয়ে বিদ্যুৎ নথকা সময়ত কাম চলাই যাব৷এতিয়া আহো কম্পিউটাৰ কিনাৰ আগতে কি কি কাৰিকৰী কথা জানিলে আপোনাৰ পৰিশ্ৰমৰ টকা অথলে নাযায়৷ তিনিটা বস্তু ভালদৰে চাই লব-
  (ক) প্ৰচেছৰ (CPU):  প্ৰচেছৰ হ'ল কম্পিউটাৰৰ মগজু৷ আমাৰ মগজুয়ে যি দুটা প্ৰাথমিক কাম কৰে- গণনা আৰু তথ্য সঞ্চয় কৰা, তাৰে গণনাৰ (দেখাত যদিও কম্পিউটাৰে বিভিন্ন ধৰণৰ কাম কৰে, কিন্তু মুলতঃ কম্পিউটাৰে 0 আৰু 1 ৰ গণনা কৰে) কামখিনি RAM ৰ সহায়ত কৰি হাৰ্ড দিস্কত সঞ্চয় কৰে৷ প্ৰচেছৰৰ ক্ষমতা যিমানে বেছি হব আপুনি ডাঙৰ কাম সিমান দ্ৰুতগতিত কৰিব পাৰে৷ বজাৰত বৰ্তমানে উপলব্ধ প্ৰচেছৰ সমুহ হ'ল এনেধৰণৰ Intel Core i7, Intel Core i5, Intel Core i3, Intel Core 2 Duo, Intel Pentum Dual Core, Intel Celeron etc.(AMD ৰো কিছুমান প্ৰচেছৰ আছে কিন্তু সাধাৰণ ব্যৱহাৰকাৰীৰ মাজত সিমান জনপ্ৰয় নহয়) ইয়াৰ আগতে পুৰণা কম ক্ষমতাৰ প্ৰচেছৰৰ কথা লিখিলো৷ইয়াৰে Intel Core i7 একেবাৰে শেহতীয়া আৰু ইয়াৰ গতি বেছি লগতে এই প্ৰচেছৰ থকা কম্পিউটাৰৰ দামও
বেছি৷কমদামী, কম ক্ষমতাৰ হ'ল Intel Celeron প্ৰচেছৰ৷ প্ৰচেছৰৰ গতি GHz (Giga Hertz) ত জোখা হয় যেনে ২.0 GHz, ২.৫ GHz ইত্যাদি৷
  (খ) RAM (Random Access Memory): ৰেম হ'ল কম্পিউটাৰৰ ক্ষণস্থায়ী স্মৃতি৷যিমান সময় বিদ্যুৎ সংযোগ থাকে সিমান সময়লৈ ৰেমত তথ্য জমা থাকে৷আগতেই উল্লেখ কৰামতে প্ৰচেছৰে ৰেমৰ সহায়ত যাবতীয় কাম কৰে৷প্ৰচেছৰে অস্থায়ীবাবে তথ্য ৰেমত জমা কৰি ৰাখে আৰু দৰকাৰ অনুযায়ী সেয়া ব্যৱহাৰ কৰে৷ সেয়ে ৰেম যিমানে বেছি হব কম্পিউটাৰৰ গতি সিমানে বেছি হব৷ ৰেমৰ ক্ষেত্ৰত দুটা কথা বিবেচনা কৰিব লাগে- অস্থায়ীবাবে তথ্য জমা ৰাখিব পৰা ক্ষমতা আৰু ৰেমৰ গতি৷ৰেমৰ ক্ষমতা Megabyte (MB) বা বেছি ক্ষমতাৰ হ'লে Gigabyte (GB) ত জোখা হয়৷ যেনে ৫১২ MB, ১ GB, ২GB ইত্যাদি৷বজাৰত উপলব্ধ এটা ৰেমৰ টুকুৰাৰ ক্ষমতা বৰ্তমান সৰ্বোচ্ছ ৪ GB. লেপটপ বিলাকত সাধাৰণতে ২ GB, ৪ GB বা ৮ GB ৰেম থাকে৷ ডেক্সটপৰ মেইন বৰ্ডে (Motherboard) যদি সমৰ্থন কৰে তেন্তে অতি সহজে ৰেম বঢ়াব পাৰি৷ৰেমৰ ক্ষেত্ৰত আন এটা কথা মন কৰিব লাগে, সেয়া হল ৰেমৰ গতি, ৰেমৰ গতি Mega Hertz ত হিচাপ কৰা হয়,যেনে ৫৩৩ MHz, ৬৬৭ MHz, ১৩৩৩ MHz ইত্যাদি৷
নতুন ৰেম হ'লে ক্ষমতাৰ লগতে গতিও বেছি হয়৷ ৰেমৰ গতি যিমানে বেছি হব প্ৰচেছৰে সিমান বেছি গতিৰে ৰেমত তথ্য সঞ্চয় আৰু ব্যৱহাৰ কৰিব পাৰিব৷
 (গ) হাৰ্ড ডিক্স (Hard Disk Drive): হাৰ্ড ডিক্স হ'ল কম্পিউটাৰত স্থায়ী তথ্য সঞ্চয় কৰাৰ ঠাই৷প্ৰচেছৰে ৰেমৰ সহায়ত যি কাম কৰিলে সেয়া সংৰক্ষণ (Save)ত ক্লিক কৰিলে হাৰ্ড ডিক্সত জমা হয়৷লগতে কম্পিউটাৰ চলিবলৈ যি অপাৰেটিং চিষ্টেমৰ দৰকাৰ হয় সেয়াও হাৰ্ড ডিক্সতে থাকে৷হাৰ্ড ডিক্সে যিহেতু তথ্য জমা ৰাখিব সেয়ে ইয়াৰ তথ্য জমা ৰখাৰ ক্ষমতা কিমান হব সেয়া আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব৷হাৰ্ড ডিক্সৰ ক্ষমতা Gigabyte (GB) ত জোখা হয়৷সাধাৰণতে বজাৰত ২৫০ GB, ৩২০ GB, ৫০০ GB, ১TB (Terabyte), ২ TB ক্ষমতাৰ হাৰ্ড ডিক্স পোৱা যায়৷ৰেমৰ নিচিনা হাৰ্ড ডিক্সৰও ক্ষমতা আৰু গতিৰ কথা বিবেচনা কৰিব লাগে৷হাৰ্ড ডিক্সৰ গতি RPM (Round Per Minute) ত জোখা হয়৷যেনে ৫৪০০ RPM, ৭২০০ RPM, ১০,০০০ RPM ইত্যাদি৷হাৰ্ড ডিক্সৰ গতি যিমানে বেছি হব প্ৰচেছৰে সিমানে বেছি গতিত হাৰ্ড ডিক্সত তথ্য জমা আৰু পুনৰ ব্যৱহাৰ কৰিব পাৰিব৷

ওপৰত উল্লেখ কৰা তিনিটা প্ৰধান অংগৰ ওপৰিও মেইন বোৰ্ডৰ ওপৰতো কম্পিউটাৰৰ গতি নিৰ্ভৰ কৰে৷যদি সকলো মিলি যায় তেন্তে আপোনাৰ কম্পিউটাৰৰ পৰা সৰ্বোচ্ছ সুবিধা লব পাৰিব৷লেপটপবিলাক আৰু কিছুমান ডেক্সটপ নিৰ্মাণকাৰী কম্পেনিবিলাকে প্ৰচেছৰ,ৰেম,হাৰ্ড ডিক্স ইত্যাদি নিজে এটা কম্পিউটাৰত লগাই ৰাখে,আপুনি সেয়া সালসলনি কৰিব নোৱাৰিব৷কিন্তু যিবিলাক মডেলত আপোনাৰ চাহিদা পুৰণ কৰিব পৰাকৈ বস্তুবিলাক লগোৱা আছে সেয়া কিনিব পাৰে৷ডেক্সটপ যদি কিনে আপুনি অৰ্ডাৰ দিয়ামতে বনাই দিব কিন্তু তাতো কিছুমান সীমাবদ্ধতা আছে৷যেনে Intel Celeron Processor এটাৰ লগত ২ TB হাৰ্ড ডিক্স আৰু ৮ GB ৰেম লগালে প্ৰচেছৰে সেয়া বহন কৰিব নোৱাৰিব৷ডেক্সটপ কিনিলে মনিটৰ কিনাত সাৱধানতা অৱলম্বন কৰিব৷আগতে আছিল CRT (Cathode Ray Tube) মনিটৰ, পিছত আহিল LCD (Liquid Crystal Display) আৰু এতিয়া আহিল LED (Light Emitting Diode) মনিটৰ৷CRT মনিটৰে বিদ্যুৎ বেছি ব্যৱহাৰ কৰাৰ ওপৰিও বিকিৰণ কৰা ৰশ্মিয়ে চকুৰ ক্ষতি কৰে, LCD মনিটৰে বিকিৰণ কম কৰে আৰু বিদ্যুৎ কম খৰছ কৰে৷ LED মনিটৰ সকলোতকৈ বেছি নিৰাপদ আৰু আনবোৰৰ তুলনাত বিদ্যুৎ খৰছ কমকৈ কৰে৷
মন কৰিবলগীয়াঃ

প্ৰচেছৰৰ তথ্য জমাৰ ক্ষমতাৰ এককসমুহঃ-

• ১ Bit = Binary Digit

• ৮ Bits = ১ Byte

• ১০২৪ Bytes= ১ Kilobyte

• ১০২৪ Kilobytes = ১ Megabyte

• ১০২৪ Megabytes = ১ Gigabyte

• ১০২৪ Gigabytes = ১ Terabyte

 হাৰ্ড দিক্সৰ তথ্য জমা ৰখাৰ এককসমুহঃ

• ১ Bit = Binary Digit

• ৮ Bits = ১ Byte

• ১০০০ Bytes = ১ Kilobyte

• ১০০০ Kilobytes = ১ Megabyte

• ১০০০ Megabytes = ১ Gigabyte

• ১০০০ Gigabytes = ১ Terabyte

কম্পিউটাৰৰ বিষয়ে এয়া এক তুলমুল আলোচনা, নিজৰ সীমিত কাৰিকৰী জ্ঞানেৰে লিখিব চেষ্টা কৰিছো৷ কিমানদুৰ শুদ্ধ হৈছে নাজানো৷
ইতি৷

আফতাৰ ৷

ফেচবুকৰ "অকব" গোঠত প্ৰকাশিত৷

No comments:

Post a Comment