চৌদি আৰৱত থকা বহুত দিন হ'ল৷ সেয়ে ইয়াৰ আৰক্ষী, যানবাহন আৰক্ষীৰ বিষয়ে অলপ অভিজ্ঞতা হ'ল৷ মই দেখা নাইবা জড়িত কেইটামান ঘটনা ইয়াত লিখিব ওলাইছো৷
No FIR, No inquiry no case file, no court, Judgement on the spot. এবাৰ এজন ভাৰতীয় (উত্তৰ প্ৰদেশৰ) হোম ড্ৰাইভাৰ ঘৰত যাব খুজিছিল৷ চুক্তি আছিল 2 বছৰৰ মুৰে মুৰে ঘৰত যোৱাৰ সুবিধা
পাব৷ কিন্তু দুই বছৰ তিনিমাহ হোৱাৰ পাছতো ঘৰত যাব নিদিয়ে তাৰ নিয়োকৰ্তাই, বহুত অনুৰোধৰ পাছতো কাম নোহোৱাত কেইজনমান বন্ধুৰ লগত সি আলোচনা কৰিলে৷ পিছত এদিনাখন এশ্বাৰ নামাজ পঢ়ি মছজিদৰ পৰাই পুলিছক ফোন কৰিলে, ইয়াত পুলিছ আহি পাওতে বেছি সময়
নালাগে৷পেট্ৰলিঙৰ পুলিছ এজন আহিল, আহি সুধিলে িকি হ'ল৷ মানুহজনে সকলো বিৱৰি ক'লে৷ লগতে তাৰ চুক্তিপত্ৰখন দেখুৱালে৷ লগে লগে তাৰ নিয়োগকৰ্তাক পুলিছে ফোন কৰি মাতিলে৷ নিয়োগকৰ্তা আহিল, পুলিছে কিবা সুধিলে আৰু লগে লগে ৰায় দিলে মানুহজনৰ কাৰণে ৰাতিপুৱাৰ টিকেট
কাটি দিব লাগে৷লগতে আৰু কিবা কিবি ক'লে৷ পুলিছ গুছি যোৱাত ড্ৰাইভাৰজনক ক'লে মই তোমাক ছুটি দিলোহেতেন, তুমি কিয় পুলিছক কব লাগে ইত্যাদি, বেচেৰাই আচলতে বৰ লাজ পাইছিল, কাৰণ নামাজৰ পিছৰ ঘটনা আৰু বহুতো চৌদিয়ে দেখা পালে৷ নিয়োগকৰ্তাই পিছদিনা পুৱা 9
বজাৰ টিকেট কাটি দিলে আৰু ৰাতিপুৱাই পাছপৰ্ট কাৰ্য্যালয়ত গৈ যাৱতীয় কামখিনি কৰি আনি দিলে৷
========xxxxxxxxxxx========
No comments:
Post a Comment