ক্ৰিং ক্ৰিং ক্ৰিং ক্ৰিং ক্ৰিং ......... মোবাইল বাজিয়েই আছে, নাম নাই, ৰিছিভ কৰিলো কাটি দিলে আকৌ ৰিং, ৰিছিভ ডিছকানেক্ট৷ভাৱিলো কোনোবাই বিপদত পৰি কল কৰি আছে, মই লগালো৷ সুমধুৰ নাৰীকণ্ঠ ভাহি আহিল (মনতে তেওঁৰ ধুনীয়া ৰুপটো কল্পনা কৰিলো)৷সুধিলো কাক লাগে,
ওলোটাই মোৰ পৰিচয় বিচাৰিলে৷ কথা নবঢ়াই মোৰ পৰিচয় দিলো৷ দুবাৰমান ছৰি বুলি কৈ লাইন ডিছকানেক্ট৷ ৰাতি আকৌ কেইটামান মিছকল৷ কলবেক কৰি সুধিলো আপোনাৰ কি সমস্যা হৈছে৷ "নাই, মোৰ একো সমস্যা হোৱা নাই৷" তেন্তে বাৰে বাৰে কিয় মিছ কল দি আছে? উত্তৰ আহিল
মই তোমাৰ লগত বন্ধুত্ব কৰিব বিচাৰো৷ বন্ধুত্ব!!! ঠিক আছে, ৰাতিপুৱা কথা পাতিম, এতিয়া মই ডিউটিত আছো৷ "মই আপোানৰ কলৰ বাবে অপেক্ষা কৰিম৷" ৰাতিপুৱা শুই উঠি দেখো দুটা মিছকল৷ কল কৰিলো, কথা পাতিলো৷ পৰিচয় ললো৷ মোৰ নাম, ঘৰ, চাকৰি
দৰমহাৰ কথা, বিবাহিত নে সুধিলে৷মই উত্তৰ দিয়াৰ লগতে তেওৰ বিষয়ে সুধিলো৷তেওঁ বিউটিচিয়ান, অবিবাহিত, আচল ঘৰ হাইদেৰাবাদ, দুমাহ আগতে চাকৰি গ'ল, দেউতাই বেংকত চাকৰি কৰে, বাইদেউ এজনী বিয়া দিলে (মনতে ভাবিলো জীৱনসংগী হোৱাৰ পুৰা উপযুক্ত)৷ মা আৰু
দেউতাৰ বাহিৰে ঘৰত আৰু কোনো নাই৷মই কলো আমি এতিয়া যিহেতু বন্ধু হ'লো ফেচবুকত কথা পাতিব পাৰিম৷ ফেচবুকত এড কৰা হ'ল৷
--------------------------------------------------------------------------------
মোৰ মবাইলৰ টকা শেষ হৈ গ'ল৷ এতিয়া ফেচবুকতঃ
মইঃ আপোনাৰ লগত কথা পাতি ভাল৷তেওঁঃ মোৰো ভাল লাগিল, আপোনাৰ কণ্ঠস্বৰ বহুত ধুনীয়া৷মইঃ ধন্যবাদ, আপোনাৰ কণ্ঠও বহুত ধুনীয়া৷তেওঁঃ আপুনি মোক বিশ্বাস কৰেনে?
মইঃ নিশ্চয় কৰো৷ কিয় নকৰিম?
তেওঁঃ যদি মই তোমাৰ পৰা সহায় বিছাৰো, সহায় কৰিবানে?
মইঃ কওঁক,কেনেকুৱা সহায় লাগে?
তেওঁঃ মোৰ হাতত টকা নাই আৰু এজনক টকা দিবলগীয়া আছে৷
অলপ ভাৱিলো পিছ্ত,
মইঃ অহ! আপোনাৰ দেউতাৰ ফোন নম্বৰ দিয়া, মই তেওৰ লগত কথা পাতিম৷
তেওঁঃ দেউতাৰ লগত কিয় কথা পাতিব লাগে?
মইঃ আপোনাৰ দেউতাইতো আপোনাক টকা দিব৷ আপুনি দেউতাক টকা খুজিবলৈ লাজ কৰি আছে, সেয়ে মইয়েই কথাটো দেউতাক কম৷
তেওঁঃ মোক অমুক মোবাইলৰ ৰিচাৰ্জকাৰ্ড দিব পাৰিবা নেকি?
মইঃ নাই, আপুনি ভুল ঠাইত আহিছে দেই৷
তেওঁঃ ঠিক আছে, ধন্যবাদ৷
মইঃ বন্ধুত্বৰ অৰ্থ এয়াই নেকি?
তেওঁঃ নহয়, মই আপোনাক মোৰ ভাল বন্ধু বুলি ভাৱিছিলো, কিন্তু হেৰাইপেলালো৷দুঃখিত৷
মইঃ মই ভাৱো যি সম্পৰ্কৰ মাজত টকা আহি যায়, সেই সম্পৰ্ক টিকি নাথাকে
৷তেওঁঃ ঠিক আছে, বিদায়৷
মইঃ এতিয়াৰ বাবে নে চিৰদিনৰ বাবে?
তেওঁঃ , হাঃ হাঃ হাঃ, এতিয়া অফলাইন হৈ আছো৷
মইঃ ঠিক আছে, বিদায়৷
পিছদিনা ৰাতিপুৱা আকৌ মিছকল, মোৰ মবাইলত বেলেস্ন ভৰোৱা হোৱাই নাই৷ ফেচবুকত শুপ্ৰভাত মেছেজ দিলো, উত্তৰ আহিল দুঃখিত, মই ব্যস্থ
আছো৷xxxxxxxxx000000000000xxxxxxxxxxxxxx
What a material of un-ambiguity and preserveness
ReplyDeleteof valuable experience regarding unexpected feelings.
my webpage: breed a gold dragon