ভাৰতৰ আৰক্ষী (বিশেষকৈ অসম যানবাহন আৰক্ষী)ৰ আৰক্ষীৰ বিপৰীত ছবি এখন দেখা পালো যেতিয়া মোৰ দাদাৰ গাড়ীয়ে য়েমেনি এজনৰ গাড়ীত পিছফালৰ পৰা খুন্ধা মাৰিলে৷ ইয়াৰ নিয়ম অনুযায়ী আৰক্ষীক খবৰ দিয়া হ'ল৷ আৰক্ষী অহাৰ আগতেই দাদাই য়েমেনিজনৰ লগত কথা পাতিলে৷দাদাৰ গাড়ীৰ ইনচুৰেঞ্চ নাছিল৷ য়েমেনিজনৰ গাড়ীৰ যিমান ক্ষতি হ'ল দাদাই ভৰিবলৈ মান্তি হ'ল৷ আৰক্ষী আহিল, দুজনৰ লগত হাত মিলালে৷ দুয়োজনৰ পৰিচয়-পত্ৰ চালে, গাড়ীৰ কাগজ পৰীক্ষা কৰিলে৷ কিবা কিবি লিখিলে আৰু সুধিলে তোমালোকে এতিয়া কি বিচৰা৷ আগতে কথা পাতিতোৱা আছিল, সেইমতে কোৱা হ'ল৷আৰক্ষীজনে য়েমেনিজনৰ হাতত কিবা কাগজ এখন দিলে আৰু চালাম জনাই গুচি গ'ল৷ আমাৰ অসমত এনেকুৱা কথা কল্পনা কৰিব পাৰিনে? অবাইচ মাত আৰু থানালৈ বল, টকা দে নহ'লে থানালৈ বল৷ ফিল্ডত কোনো কেছ মিমাংসা নহয়, থানাৰ বৰবাবুৰ ওচৰত যাবই লাগিব৷
মই চাকৰি কৰা দোকানখনত এবাৰ এজন গ্ৰাহকে বস্তু এটা কিনিব আহিল৷ মই কলো 85 ৰিয়াল, কিন্তু সি 65 ৰিয়ালত নিব খুজে৷ যিটো বস্তুৰ কিনা দাম 78 ৰিয়াল, সেইটো কেনেকৈ 65 ৰিয়ালত বিক্ৰী কৰিব পাৰি? সি কৈ আছিল আগতে বোলে এইটো 65 ৰিয়লাত কিনিলে৷ মই কলো এই বিষয়ে মই নাজানো৷ আমি বহুত আগৰেপৰাই এইটো 85 ৰিয়ালত বিক্ৰী কৰি আছো৷ কোনোমতে নামানে৷ সি কলে সি বোলে Ministry of Internal ত চাকৰি কৰো, তৰ্কাতৰ্কি কৰি মোক মাৰিবলৈ হাত ডাঙিলেই, মই কলো হাত নেদেখুৱাবি মোৰো হাত আছে আৰু মইও মাৰিব পাৰিম৷ সি মোক কলে তই চুৰ৷ মই কলো তই চুৰ৷ এই কথাত সি কলে যে ঠিক আছে মই চুৰ, বস্তুটো মই লৈ যাম, পুলিছক ফোন কৰা৷ মই আৰু মোৰ লগত চাকৰি কৰা জনে একলগে কলো চাওঁ কেনকৈ লৈ যোৱা, আমি যাৱ নিদিওঁ৷ পিছত সি পুলিচ মাতিলে, আমিও আমৰ
নিয়োগকৰ্তাক মাতিলো৷ পুলিছ আহি পালে, চালমা কৰি হাত মিলাই মানুহজনে মোৰ কথা কলে পুলিছ্ক৷ পুলিছে কি হৈছে মোক সুধিলে৷ মই কলো৷ একে সময়তে আমাৰ নিয়োগকৰ্তা আহি পালে৷ পুলিছৰ লগত কথাপাতিলে৷ পিছত পুলিছজনে গ্ৰাহকজকন ক'লে সকলো ঠিক আছে, তুমিহে ঠিক নোহোৱা৷ পুলিছ গুছি গ'ল, নিয়োগকৰ্তাই আমাক অলপ বুজালে যে যিমান পাৰি ধৈৰ্য ধৰি থাকিব লাগে, কোনোবাই সৰু সুৰা বস্থু নিব
খুজিলেও নিব দিব লাগে, কিন্তু গাড়ীৰ নম্বৰ লিখি ৰাখিব লাগে ইত্যাদি৷ লেপটপ নিব বিচাৰিলে ধৰিব লাগে৷
ইতিঃ
XXXXXXXXXXXXXXX=====XXXXXXXXXX
No comments:
Post a Comment