সচাঁ কাহিনী
এজন ল'ৰা, দুচকুত অজস্ৰ সপোন৷ নিয়মীয়াকে বাতৰিকাকত পঢ়ে, দুৰদৰ্শনৰ বাতৰি চায়৷ পঢ়াত মজলীয়া৷ খবৰকাকত যোগে লাহে লাহে গম পালে অসমৰ জলন্ত সমস্যাটো হ'ল নিবনুৱা সমস্যা৷ শিক্ষিত নিবনুৱাৰ সংখ্যা হেনো কুৰি লাখৰ ওপৰত (নিয়োগ বিনিময় কেন্দত পঞ্জীয়ন
নকৰাখিনি হিচাপত নাই)৷ তাৰ সপোন আছিল এনেকুৱা কিবা এটা কৰাৰ যত নিজৰ লগতে আন দহজন নিবনুৱাক সংস্থাপিত কৰিব পাৰি৷ লাহে লাহে তাৰ সপোন ভাগিল৷ উচ্চতৰ মাধামিক পাছ কৰি স্নাতক শ্ৰেনীত নাম লগালে৷ ভাৱি চিন্তি উলিয়ালে যে বৰ্তমান কম্পিউটাৰৰ যুগ, সেয়ে
মহাবিদ্যালয়ৰ পঢ়াৰ লগতে কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰিলে অন্ততঃ নাখাই মৰিব নালাগিব৷ ভৱামতে মহাবিদ্যালয়ত থকা কম্পিউটাৰ শিক্ষাৰ কেন্দ্ৰত ছফ্টৱেৰ এপ্লিকেছনৰ স্নাতকোত্তৰ ডিপ্লমা আৰু ব্যক্তিগত এখন প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ হাৰ্ডৱেৰ মেৰামতিৰ 6 মহীয়া প্ৰশিক্ষন সমাপ্ত কৰিলে৷
মহাবিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু কম্পিউটাৰ শিক্ষাও সমাপ্ত হ'ল৷
এইবাৰ গাৱৰ ঘৰত গৈ অলপ টকাৰে পুৰণা কম্পিউটাৰ আৰু যাৱতীয় সামগ্ৰী কিনি সৰুকৈ এখন ডিটিপি আৰু ফটো ষ্টুডিঅ খুলিলে৷আজিকালি চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি দিয়ে আৰু ৰাইজক নিজৰ ফটো লগাই আবেদন পত্ৰ জমা কৰিব দিয়ে৷ সেয়ে ল'ৰাজনৰ ব্যৱসায়
ভালে চলি আছিল৷ তাতে আকৌ অসমত নতুনকৈ মোবাইল কম্পেনিসমুহ আহিল, মবাইলৰ চিম কাৰ্ড পাবলৈ হ'লে ফটোৰ দৰকাৰ৷ ব্যৱসায় বাঢ়ি আহিল৷ আইনৰ প্ৰতি অগাধ শ্ৰদ্ধা থকা ল'ৰাজনে সৎভাবে উপাৰ্জন কৰিব পাৰি বহুত সুখী হ'ল৷ ভতিজাজনকো কম্পিউটাৰৰ কাম শিকালে,
ভতিজাইও পাৰেমানে সহায় কৰিব ধৰিলে ব্যৱসায়ত৷ এই সময়ত চৰকাৰে আনন্দৰাম বৰুৱা বটা ঘোষনা কৰিলে৷ মেট্ৰিকত প্ৰথম বিভাগ পোৱা বহুতো ল'ৰা-ছোৱালীয়ে বটা হিচাপে কম্পিউটাৰ পালে৷ কিছুমানে নিজে ব্যৱহাৰৰ বাবে ৰাখিলে আৰু কিছুমানে বিক্ৰী কৰিলে৷ এইবিলাক কম্পিউটাৰত
লিনাক্স অপাৰেটিং আছিল, কিন্তু সকলোৱে মাইক্ৰচফ্টৰ ৱিনড'জ পছন্দ কৰাত এইবিলাক কামৰ বাবে অঞ্চলটোৰ কম্পিউটাৰ জনা একমাত্ৰ ল'ৰাজনকেই সকলোৱে মাতিলে৷ কাম কৰাৰ বিনিময়ত কোনোবাই টকা দিয়ে, কোনোবাই নিদিয়ে৷ ল'ৰাজন সকলোতে সন্তুষ্ট৷ লাহে লাহে আৰু কিছুমান উৎসাহী
ল'ৰাই কম্পিউটাৰ শিকি ডিটিপি কাম ফটো ষ্টুডিঅ খুলিলে, কোনোবাই বিদেশত থকা আত্মীয়ৰ সহায়ত বিদেশী কম্পিউটাৰ কিনিলে৷ কিবা সমস্যা হ'লে সকলোয়ে ল'ৰাজনক বিচৰা হ'ল৷
ইফালে আন এটা চক্ৰই কম্পিউটাৰ ব্যৱহাৰ কৰি মোবাইল চিমকাৰ্ডৰ চোৰাং ব্যৱসায় আৰম্ভ কৰিলে৷ প্ৰমাণপত্ৰ জাল কৰি বিভিন্ন মানুহৰ নামত চিম কাৰ্ড উলিয়াই সেইবোৰ বেছিদামত বিক্ৰী কৰি সিহতে বহুত টকা উপাৰ্জন কৰিলে৷ ল'ৰাজনৰ আত্মীয় এজন বিদেশত থাকে৷ তেওঁ
ল'ৰাজনৰ কাৰণে বিদেশত কাম এটা চাই ভিছাৰ বন্দোৱস্ত কৰিলে৷ এইবাৰ নিজৰ ভাগ্য বিদেশত চাবলৈ ল'ৰাজনে ভতিজাৰ হাতত ব্যৱসায় চমজাই ভিছা প্ৰচেচিংৰ কাৰনে মোম্বাই পালে৷
জনপ্ৰিয়তাৰ লগতে লাহে লাহে শত্ৰু যে জন্ম লয় সেয়া ল'ৰাজনে গম পোৱা নাছিল৷ ভালদৰে কম্পিউটাৰ জনাটোয়েও যে সমস্যাৰ সৃষ্টি কৰিব সেয়া তাৰ সপোনৰো অগোচৰ আছিল৷
মোম্বাই যোৱাৰ এসপ্তাহৰ পিছত ঘৰত ফোন কৰি গ'ম পালে ঘৰত আৰক্ষী অহাৰ কথা৷ আৰক্ষীয়ে আহি প্ৰথমে ল'ৰাজনক বিচাৰিলে৷ ল'ৰাজনক নাপাই কম্পিউটাৰ কোনে চলাই বুলি সুধিলে, ভতিজাই সি চলোৱাৰ কথা ক'লে৷ ভতিজাক আৰক্ষীয়ে কলে যে তোমাৰ কম্পিউটাৰত অবৈধ
কাম চলি থকাৰ কথা আমি জানিব পাৰিছো সেয়ে আমি কম্পিউটাৰত কি আছে চাম৷ ঘৰৰ দৰজা, খিড়িকি বন্ধ কৰি ভতিজাক মাৰাথান জেৰা আৰু লগতে কম্পিউটাৰৰ ভিতৰত কি আছে চালি জাৰি চোৱা হ'ল৷ একো নাপাই শেষত কম্পিউটাৰটোকে থানাত লৈ গ'ল আৰু লগতে ভতিজাৰ
দেউতাকক থানাত যাবলৈ আদেশ দি গ'ল৷ কম্পিটাৰ অবিহনে ভতিজাকৰ ব্যৱসায়ত আঘাত পৰিল, থানাত যোৱাত আৰক্ষীয়ে ক'লে কম্পিউটাৰটো ফৰেনচিকত পঠাম৷ সকলো নিশ্চিত আছিল যে ফৰেনচিকত পঠালেও অবৈধ একো নাপায় কিন্তু ভতিজাৰ ব্যৱসায় বন্ধ হোৱাৰ উপক্ৰম ঘটাত
উপায় নাপাই ভতিজাকৰ দেউতাই থানাৰ লগত চিনাকি (!) মানুহ এজনৰ জৰিয়তে দৰদাম কৰি তিনিহাজাৰ টকাত কম্পিউটাৰটো মোকলাই আনিলে৷
ইফালে ল'ৰাজনে ফোন কৰি চিনাকি মানুহকেইজনৰ পৰা গোঠেই ঘটনাটো গ'ম পালে৷ আচলতে সিদিনাখন আৰক্ষীয়ে অবৈধ চিমৰ ব্যৱসায় কৰা মানুহ্ এজনৰ চিম বিক্ৰী কেন্দ্ৰত ৰেইড মাৰিব যোৱাৰ পথত থানাৰ দালাল এজনে (যিজনে কম্পিউটাৰ জনা ল'ৰাজনক চিনি পায়)
আৰক্ষীক সেই ল'ৰাজনৰ কথা কৈছিল৷ তাৰমতে সেই অঞ্চলত কম্পিউটাৰ জনা একমাত্ৰ ল'ৰা সিয়েই আৰু সি এইবিলাক অবৈধ কাম কৰিব পাৰে কম্পিউটাৰৰ জৰিয়তে৷ আৰক্ষীয়ে তেতিয়া চিম বিক্ৰী কৰা মানুহজনৰ তাত নগৈ ল'ৰা জনৰ ঘৰত গ'ল৷
সেই ঘটনাত হতভম্ব হৈ পৰা ল'ৰাজন আৰু ঘৰত নগল, মোম্বাইত ভিছা প্ৰচেচিং শেষ হোৱাত সি বিদেশত যি গ'ল আৰু ঘুৰি নাহিল ঘৰলৈ৷ আজি বহুত বছৰ ধৰি তাৰ মনত নিজ দেশৰ মানুহৰ প্ৰতি, আইনৰ প্ৰতি অতি ঘৃণা৷ তাৰ মনত কিছুমান প্ৰশ্নই সদায় আমনি কৰে৷ ভালদৰে
কম্পিউটাৰ শিকি চৰকাৰী সাহাৰ্য্য অবিহনে স্বাৱলম্বী হব বিচৰাটো অপৰাধ আছিল নেকি? থানাৰ দালালজনে কিয় তাৰ কথা ভালদৰে নাজানি তাৰ ঘৰত আৰক্ষী পঠিয়াইছিল? আৰক্ষী বাহিনীৰ লোকসকলো তাৰ নিচিনা বা তাতকৈ উচ্চশিক্ষিত মানুহ, কিয় কথাটো ভালদৰে গমি নাচালে? এনেকুৱাই
যদি হয়, তেন্তে কোনো যুৱকেই দেখোন কম্পিউটাৰ শিকি স্বাৱলম্বী হোৱাৰ সপোন নেদেখিব৷